/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-11-2025-12-01-20-48-47.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী আদালতৰ অধিবক্তা বিশ্বনাথ আগৰৱালা আৰু নাই। হঠাতে হৃদক্রিয়া বন্ধ হৈ যোৱাৰ ফলত তেওঁক দেওবাৰে গুৱাহাটীস্থিত এপল' হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও সোমবাৰে পুৱা প্ৰায় ৪-০০ বজাত চিকিৎসাধীন অৱস্থাতে অধিবক্তাগৰাকীয়ে শেষ নিঃশ্বাস ত্যাগ কৰে।
উল্লেখ্য যে, মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬৯ বছৰ। ধুবুৰী জিলাৰ পাৰ্শৱৰ্তী দক্ষিন শালমাৰা -মানকাচৰ জিলাৰ মানকচাৰত জন্ম গ্ৰহণ কৰা অধিবক্তা বিশ্বনাথ আগৰৱালাই মানকাচৰৰ জে এম এইচ এছ স্কুলৰ পৰা মেট্ৰিক পাছ কৰি গুৱাহাটীৰ কমাৰ্চ কলেজৰ পৰা স্নাতক (বাণিজ্যিক) পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
পৰৱৰ্তীত গুৱাহাটীৰ জে বি কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লৈ তেওঁ ১৯৮৮ চনত ধুবুৰী অধিবক্তা সন্থাৰ সদস্য পদ লৈ ধুবুৰী আদালতত অধিবক্তা হিচাপে কাম কৰি গৈছিল। পিচত ধুবুৰী চহৰতে নিগাজিকৈ থাকিবলৈ লোৱা অধিবক্তা বিশ্বনাথ আগৰৱালাই মৃত্যুৰ সময়ত তেওঁৰ পত্নী, এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তানৰ লগতে অলেখ আত্মীয়-স্বজন, গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
ধুবুৰী অধিবক্তা সন্থাৰ সদস্য তথা অধিবক্তা বিশ্বনাথ আগৰৱালাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আজি ধুবুৰীৰ অধিবক্তা সন্থাৰ কাৰ্যালয় চৌহদত ধুবুৰীৰ অধিবক্তা সন্থাৰ সভাপতি এন আই চৌধুৰীৰ সভাপতিত্বত এক শোক সভাৰ আয়োজন কৰা হয়। উক্ত শোক সভাত ধুবুৰী অধিবক্তা সন্থাৰ সাধাৰণ সম্পাদক কামাল হুছেইন আহমেদকে ধৰি সন্থাৰ অন্যান্য অধিবক্তাসকল উপস্থিত থাকে।
আজিৰ শোক সভাত মৃতকৰ আত্মাৰ সদগতি কামনাৰ্থে দুই মিনিট মৌনতা অৱলম্বন কৰি মৃতকৰ পৰিয়াল লৈ সভাই গভীৰ সমবেদনা জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us