/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
ডিজিটেল সংবাদ,বিশ্বনাথঃ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৰ কাৰ্বি ব্লকৰ সমীপত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত এজন কিশোৰ সহ দুগৰাকী কিশোৰী। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি, মৃত কিশোৰজনে মটৰ চাইকেলৰ পিছফালে দুই কিশোৰীক বহুয়াই আনি থকা সময়তে সন্মুখত থকা ট্ৰেক্টৰত খুন্দা মাৰে।
ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় মটৰ চাইকেলৰ চালক সহ দুই কিশোৰী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় যদিও উক্ত স্থানত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন নাপালে। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখন উদ্ধাৰ কৰাৰ লগতে মৃত কিশোৰ আৰু দুই কিশোৰীক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ আনে।
জানিব পৰা মতে, মৃত কিশোৰ জনৰ নাম সোনাজুলীৰ চাহিল বসুমতাৰী আৰু ৰূপাজুলীৰ আগনী নাৰ্জাৰি আৰু ৰাগিনা নাৰ্জাৰি।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us