/asomiyapratidin/media/media_files/2025/12/16/whatsapp-image-2025-12-16-09-32-59.jpeg)
ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্র সন্থা,অসম উন্নতি সভা আৰু অসম সেনাই বিশ্বনাথ জিলাৰ পাভৈ অঞ্চলৰ আদর্শ কৃষক 'লক্ষ্মী কৃষি বহুমুখী প্রকল্প'ৰ অন্যতম মূৰব্বী, 'পাভৈ গ্রীণচ্ প্রাইভেট লিমিটেড'ৰ প্ৰতিষ্ঠাপক নীলম দত্তক এই বৰ্ষৰ অম্বিকাগিৰী ৰায়চৌধুৰী স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰিছে।তেখেতে উদ্যমিতা আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰখনত বিশেষ কৃতকার্যতা প্রদর্শনেৰে নিজৰ লগতে আন বহু লোককো সংস্থাপনৰ বাট দেখুৱাইছে। তেখেতৰ সফলতাৰ আৰ্হিয়ে নতুন প্রজন্মক অনুপ্রাণিত কৰিছে।
/asomiyapratidin/media/post_attachments/3b0bab15-bb7.png)
উল্লেখ্য যে, অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৮ ডিচেম্বৰৰত জন্মদিনৰ দিনটোত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনৰ শ্রী শ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এই বঁটা প্ৰদান কৰা হ'ব। সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, অসম উন্নতি সভাৰ সভাপতি ড° সমুজ্জ্বল ভট্টাচার্য, সাধাৰণ সম্পাদক শৰৎ হাজৰিকা আৰু অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ ইত্যাদি বহু লোকে এই সিদ্ধান্ত সদৰী কৰিছে।
/asomiyapratidin/media/post_attachments/15fc9d9b-a15.png)
বিশ্বনাথ বাসী ৰাইজক উৎফলিত কৰি তুলিছে এই খবৰে। ইতিমধ্যে আছুকে ধৰি বহু কেইটা জাতীয় দল সংগঠন নেতৃত্ব আদৰ্শ কৃষক নিলীম দত্তৰ পাভৈস্থিত বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰিছে।আছু'ৰ কেন্দ্ৰীয় সমিতিৰ জিলা সমিতি আৰু মহকুমা আৰু আঞংচলিক সমিতিও আদৰ্শ কৃষক গৰাকীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/16/93073f66-e753-4d1a-97d6-37f96b394938-2025-12-16-09-30-07.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us