/asomiyapratidin/media/media_files/2025/09/15/351-2025-09-15-15-34-48.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : বিশ্বৰ খনিকৰ বিশ্বকৰ্মা পূজাৰ মাজত আছে মাথোঁ এটা দিন। ধুবুৰী চহৰৰ বিভিন্ন এলেকাত থকা কাৰখানাসমূহত মৃৎ শিল্পীসকলে সোমবাৰে বিশ্বকৰ্মা পূজাৰ শেষ মূহূৰ্তৰ প্ৰস্ততি চলাই গৈছে।
উল্যেখ্য যে এই বিশ্বকৰ্মা পূজাৰ পৰাই ধুবুৰীত শাৰদীয় উৎসৱৰ পৰিৱেশৰ সূচনা হোৱা পৰিলক্ষিত হয়। এইবেলি ধুবুৰী চহৰত বিশ্বৰ খনিকৰক আদৰাৰ ব্যাপক প্ৰস্তুতি লোৱাৰ লগতে আজি নিশাটোৰ ভিতৰতে বিশ্বকৰ্মাৰ প্ৰতিমা বনোৱাৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি ধুবুৰীৰ প্ৰখ্যাত মৃৎ শিল্পী ভাস্কৰ পালে জানিবলৈ দিয়ে।
ধুবুৰী চহৰৰ কলেজ ৰোডস্থিত তিনিটাকৈ মৃৎ শিল্পৰ কাৰখানা আছে। ভাস্কৰ পাল, অজয় পাল আৰু তপন পালে পৃথকে পৃথকে এই কাৰখানা তিনিটাত নিয়োজিত কৰ্মচাৰীসকলে বিশ্বকৰ্মাকে ধৰি দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ আছে। ধুবুৰী চহৰৰ বিভিন্ন ঠাইত এইবেলি বিশ্বকৰ্মা পূজাৰ অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি লোৱা দেখা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us