বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীকো অন্যান্য পিছপৰা শ্ৰেণীৰ কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্তিৰ দাবী...

ছয় জনগোষ্ঠীৰ ভিতৰত বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীকো অন্যান্য পিছপৰা শ্ৰেণীৰ কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ২৭ নৱেম্বৰত ৰাজহুৱা শুনানি গ্ৰহণৰ পিছত যোৱাকালি নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী

author-image
Asomiya Pratidin
New Update
mcmmc

ডিজিটেল ডেস্কঃ  ছয় জনগোষ্ঠীৰ ভিতৰত বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীকো অন্যান্য পিছপৰা শ্ৰেণীৰ কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ২৭ নৱেম্বৰত ৰাজহুৱা শুনানি গ্ৰহণৰ পিছত যোৱাকালি নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ এক প্ৰতিনিধি দলৰ সৈতে চ্যেলুৎ‌‌ ত্ৰিৰংগা অসম প্ৰদেশৰ সভাপতি অনুপ সিনহাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

এই সাক্ষাৎ কালত কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পালৰ সৈতে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত ৰামকৃষ্ণ সিনহা, মহাসচিব ড° স্বপন সিনহা, ৰাজ্যিক সভাপতি তৰুণ কুমাৰ সিনহা, কাৰ্যকৰী সভাপতি বৃন্দাবন সিনহা, উপ-সভাপতি অনুপ সিনহা, সাধাৰণ সম্পাদক লক্ষীন্দৰ সিনহা, শশী বাবু সিনহা আৰু পাথাৰকান্দি মণ্ডলৰ সভাপতি সহিতে বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (AIIMS) ৰ কেন্দ্ৰ পাথাৰকান্দি বিধানসভা সমষ্টিত স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছে চ্যেলুৎ‌‌ ত্ৰিৰংগা অসম প্ৰদেশৰ সভাপতি অনুপ সিনহাই । লগতে বিষ্ণুপ্ৰিয়া মণিপুৰী জনগোষ্ঠীৰ প্ৰথম ভাষা শ্বহীদ বীৰাংগনা সুদেষ্ণা সিনহাক ৰাজ্যিক ভাৱে শ্বহীদ ঘোষণা কৰাৰ বাবে আবেদন জনোৱা হৈছে।

গুৱাহাটী