হাওৰাঘাট মাটিখোলাৰ তুলাৰাম সেনাপতি ক্ষেত্ৰত ২৪ সংখ্যক বিচু ডিমা উৎসৱ...

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত হাওৰাঘাট মাটিখোলাৰ তুলাৰাম সেনাপতি ক্ষেত্ৰত(পূব গজালি পাৰ গাঁৱত) হাওৰাঘাট আঞ্চলিক বিচু ডিমা হছম(কমিটীৰ) উদ্যোগত ২৭ আৰু ২৮ জানুৱাৰীত

author-image
Asomiya Pratidin
New Update
yhhhdd

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত হাওৰাঘাট মাটিখোলাৰ তুলাৰাম সেনাপতি ক্ষেত্ৰত(পূব গজালি পাৰ গাঁৱত) হাওৰাঘাট আঞ্চলিক বিচু ডিমা হছম(কমিটীৰ) উদ্যোগত ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ডিমাছা জনগোষ্ঠীৰ কৃষিভিত্তিক বিচু ডিমা উৎসৱৰ আজি প্ৰথম দিন ।

পুৱাৰ ভাগত পতাকা উত্তোলন আৰু ছহীদ তৰ্পণৰ পিছতে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি সভা অনুষ্ঠিত কৰা হয় । হাওৰাঘাট আঞ্চলিক বিচু ডিমা কমিটীৰ সভাপতি গ্ৰীক লাংঠাছাৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাৰগৰ্ভ ভাষণ ৰাখে হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে ।

 সভাত হাওৰাঘাট কলেজৰ অধ্যাপক ড° মদন দাউলাগাজাউ, সমাজকৰ্মী ৰাজেন বৰা, হাওৰাঘাট নগৰ পৌৰসভাৰ উপাধ্যক্ষ ৰমেশ কেম্প্ৰাই, 'মিচন চেং' স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি জ্যোৰ্তিময় খাৰিকাপছা, সমাজকৰ্মী জ্যোতিৰাম চৰংচা, হাওৰাঘাট ভিডিচি'ৰ চেয়াৰমেন বুদ্ধেশ্বৰ টেৰণ, চৰকাৰী গাওঁবুঢ়া, গাঁৱলীয়া গাওঁবঢ়া, হাওৰাঘাট থানাৰ নাগৰিক সুৰক্ষা সমিতিৰ অধ্যক্ষ গৌতম ইংহি আদি উপস্থিত থাকে ।

কাৰ্বি আংলং