মথুৰা প্ৰডাকশ্যনৰ উদ্যোগত জুবিন গাৰ্গৰ জন্মদিন উদযাপন

মথুৰা প্ৰডাকশ্যনৰ উদ্যোগত আৰু মথুৰাপুৰবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে মথুৰাপুৰ ভকত গাঁও আৰু ৰাঙলী চুক পথৰ সংগমস্থলীত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
265

ডিজিটেল সংবাদ, মথুৰাপুৰ : মথুৰা প্ৰডাকশ্যনৰ উদ্যোগত আৰু মথুৰাপুৰবাসীৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে মথুৰাপুৰ ভকত গাঁও আৰু ৰাঙলী চুক পথৰ সংগমস্থলীত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩সংখ্যক জন্মদিন উদযাপন কৰা হয়। শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন শাখাত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

বিজয়ী প্রতিযোগীক উপহাৰৰ টোপোলা আৰু মানপত্ৰ প্ৰদান কৰা হয় ৷ এই উপলক্ষে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক নিৰোদ বৰঠাকুৰে ৷

ইয়াৰ পিছতে মাল্যাৰ্পন কৰে মথুৰা প্ৰডাকশ্যনৰ কৰ্মকৰ্তাই ৷ ইয়াৰ পিচত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে লাকুৱা তাপ বিদ্যুত কেন্দ্ৰৰ মহাপ্ৰবন্ধক জনাৰ্দ্দন দাস,  মথুৰা প্ৰডাকশ্যনৰ  সদস্য ইমতাজ আলি  আৰু প্ৰশান্ত নেওঁগে ।

ইয়াৰ পিচতেই ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতি মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত কে’ক কাটি  ওপজাদিন পালন কৰি তেওঁ মৃত্যুৰ ন্যায় প্ৰাপ্তি কামনা কৰে ৷ অনুষ্ঠানটি শিল্পীগৰাকীয়ে ভালপোৱা একোটাকৈ  নাহৰৰ পুলি উদ্যোক্তা সকলৰ তৰফৰ পৰা   অনুৰাগীসকলে  মাজত বিতৰণ কৰে ৷

হার্টথ্রব জুবিনক স্মৰণ কৰি সহস্ৰাধিক লোকে মায়াবিনী গীত পৰিৱেশন অনুষ্ঠানটোৱে এক আবেগিক পৰিবেশৰ সৃষ্টি কৰে। সন্ধিয়া শিল্পী গৰাকীক সোঁৱৰি এক সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হয় ৷

উল্লেখ্য যে,  জুবিন গাৰ্গৰ নামত এটা ব্যায়ামগাৰ নিৰ্মাণৰ বাবে মথুৰাপুৰ প্রডাকশ্যনৰ অন্যতম সদস্য তথা সংগীত শিল্পী বিতু ৰাজমণি ফুকন আৰু পৰিয়ালবৰ্গই প্রয়োজনীয় ভূমি আগবঢ়োৱা বিষয়ে ঘোষণা কৰাত যুৱ শিল্পীগৰাকীৰ এনে মহানুভৱতা বাবে মথুৰাপুৰ বাসীয়ে ধন্যবাদ আৰু কৃতজ্ঞতা কৰে ৷

জুবিন গাৰ্গ