/asomiyapratidin/media/media_files/2025/10/28/70-2025-10-28-18-05-09.jpg)
ডিজিটেল ডেস্ক : সংগীত সত্ৰ আৰু লিহাজৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হৈ যায় শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান। জুবিন গাৰ্গৰ বিয়োগত শোকাচ্চন্ন হৈ থকা সময়তে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই অনুষ্ঠানৰ আয়োজন কৰে উদ্যোক্তাসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/wha-2025-10-28-18-03-37.jpeg)
এক গাম্ভাৰ্যপূৰ্ণ পৰিৱেশত গুৱাহাটীৰ দিশপুৰস্থিত পি ডব্লিঅ’ ডিৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিতিত বন্তি প্ৰজ্জ্বলনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/whatsapp-ima-2025-10-28-18-03-50.jpeg)
বন্তি প্ৰজ্জ্বলন কৰা অভ্যাগতসকল হৈছে মনিষ বৰুৱা, ৰঞ্জুমণি শইকীয়া, সংগীত সত্ৰৰ সত্যেন শৰ্মা, অৰুণ শৰ্মা, ড০ গকুল চন্দ্ৰ দাস, দিলীপ দত্ত, ৰাহুল চন্দ্ৰ দাস আদি। একেদৰে এই অনুষ্ঠানতে সংগীত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত অৰ্ণৱজ্যোতি মালাকৰে বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/whatsapp-image-2025-10-28-18-04-34.jpeg)
উল্লেখযোগ্য যে, ইয়াৰ পাছতে সদস্য- সদস্যাসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। অনুষ্ঠানত জবা চক্রৱৰ্তীৰ দ্বাৰা পৰিৱেশিত ভজনে অনুষ্ঠানটি আৰু গাম্ভীৰ্য কৰি তোলাৰ লগতে উপস্থিত থকা ব্যক্তিসকলক আমোদ দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/whatsapp-i-2025-10-28-18-04-01.jpeg)
উক্ত অনুষ্ঠানতে কেইবাগৰাকী প্ৰতিভাৱান শিল্পীয়ে কৃষ্ণ বন্দনা, সত্ৰীয়া নৃত্য, খোল বাদন, বৰগীত, ভোৰতাল নৃত্য, গোৱালপৰীয়া লোকগীত আদি পৰিবেশন কৰে। একেদৰে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতো পৰিৱেশন কৰে শিল্পীসকলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/whatsapp-image-2025-10-28-18-04-15.jpeg)
অনুষ্ঠানৰ অন্যতম উদ্যোক্তা লিজাহৰ সদস্য- সদস্যাসকলৰ আধ্যাত্মিক গীত পৰিৱেশনে অন্য এক মাত্ৰা প্ৰদান কৰে। গীতত বাদ্য সংগত কৰে দিৱ্যজ্যোতি চাংমায়ে। শেষত শ্ৰী সত্য সাই বাবাৰ আৰতিৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us