পৰ্বতঝোৰাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্ম জয়ন্তী উদযাপন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেই পৰ্বতঝোৰাৰ কাজিগাঁওত সদৌ বাঙালী যুৱ ছাত্ৰ ফেৰাডাৰেচনৰ কাজিগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত নেতাজী জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে।

author-image
Asomiya Pratidin
New Update
trtefwdsdsds

ডিজিটেল সংবাদ, পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেই পৰ্বতঝোৰাৰ কাজিগাঁওত সদৌ বাঙালী যুৱ ছাত্ৰ ফেৰাডাৰেচনৰ কাজিগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত নেতাজী জন্ম জয়ন্তী দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে।

কাৰ্যসূচী অনুসৰি পুৱা নেতাজীৰ স্মৰণ কৰি প্ৰতিচ্ছবিত মাল্যাৰ্পণ, চাকি ধূপ জ্বলাই গভীৰ শ্ৰদ্ধাঞ্জলি জনায় সংগঠনটোৰ নেতৃত্বৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে। এই অনুষ্ঠানত সংগ্ৰামী বীৰ নেতা নেতাজী সুভাষ চন্দ্ৰ বসুক নৱ প্ৰজন্মৰ আগত পৰিচয় দিয়াৰ বাবে পদযাত্ৰা কৰা পৰিলক্ষিত হয়। 

ইফালে নেতাজীৰ জন্ম জয়ন্তী উদযাপন উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়। দুপৰীয়া মুকলি সভাত মহান নেতা গৰাকীৰ সংগ্ৰামী জীৱন সন্দৰ্ভত বহুল ভাৱে আলোকপাত কৰে আমন্ত্ৰিত অতিথি সকলে। আনহাতে, সন্ধিয়া এক সংস্কৃতিৰ অনুষ্ঠান অনুষ্ঠিত হব বুলি জানিব দিয়ে উদযাপন সমিতিয়ে।

পৰ্বতঝোৰা