/asomiyapratidin/media/media_files/2025/11/16/2-2025-11-16-14-41-55.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামী বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী । সমগ্ৰ দেশতে জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়। এই জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ত্ৰিপুৰাত এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰে।
উল্লেখ্য যে বীৰ বীৰছা মুণ্ডাক সোঁৱৰাৰ উদ্দেশ্যে জনজাতি সম্প্ৰদায়ৰ সহস্ৰাধিক জনজাতীয় যুৱক যুৱতীয়ে ত্ৰিপুৰাৰ পৰম্পৰাগত মামিতা নৃত্য পৰিবেশন কৰি প্ৰথমবাৰৰ বাবে ইতিহাস ৰচনা কৰে। খুম্পুই একাডেমীৰ খেলপথাৰত আয়োজিত এই নৃত্য উপভোগ কৰিবলৈ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা সহ ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰীও উপস্থিত থাকে।
তাৰোপৰি মামিতা নৃত্য উপভোগ কৰিবলৈ অনুষ্ঠানস্থলীত হাজাৰ হাজাৰ লোক উপস্থিত হয় । এই জনজাতীয় নৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ।
আনফালে এয়া সঁচাকৈয়ে এক গৌৰৱৰ মুহূৰ্ত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ভগৱান বীৰ বীৰছা মুণ্ডাৰ দেশৰ প্ৰতি ত্যাগ আৰু আত্মবলিদানৰ ওপৰত আলোকপাত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us