বীৰ লাচিত সেনাৰ প্ৰতিবাদত উত্তাল ধেমাজি...

কা ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীয়ে বিজেপি গ’ বেক, কা আমি নামানো, অমিত শ্বাহ মিছলীয়া , সৰ্বা- হিমন্ত মিছলীয়া আদি শ্ল'গানেৰে সমগ্ৰ ধেমাজি চহৰ উত্তাল কৰি তোলে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজিঃ  "হিন্দু্ৱেই হওঁক মুছলমানেই হওঁক সকলো বিদেশী অসমৰ পৰা যাব লাগিব"- বীৰ লাচিত সেনাৰ কা বিৰোধী প্ৰতিবাদী সমদলত অংশ লৈ এই মন্তব্য কৰে শৃংখল চলিহাই। মঙলবাৰে ধেমাজি চহৰত বীৰ লাচিত সেনাৰ উদ্যোগত ৩ শতাধিক লোকে প্ৰতিবাদী সমদলত অংশ লয়।

কা ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীয়ে বিজেপি গ’ বেক, কা আমি নামানো, অমিত শ্বাহ মিছলীয়া , সৰ্বা- হিমন্ত মিছলীয়া আদি শ্ল'গানেৰে সমগ্ৰ ধেমাজি চহৰ উত্তাল কৰি তোলে ৷

তাৰোপৰি প্ৰতিবাদৰ মাজতে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই চৰকাৰক উদ্দেশ্যি কয়, আহিব লাগিছিল জনজাতিকৰনৰ সংশোধন কিন্তু আহিল কা  AMENDMENT।  চৰকাৰক কঠোৰ সমালোচনা কৰি অসমত অনা অসমীয়াৰ দপদপনি নচলিব বুলি সকিয়াই দিয়ে শৃংখলে।

বীৰ লাচিত সেনা