ঘিলামৰাত সুস্থ শৈক্ষিক পৰিবেশ গঢ়িবলৈ প্ৰশাসনক হস্তক্ষেপৰ দাবী লাচিত সেনাৰ

ঢকুৱাখনা সমজিলাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সমগ্ৰ এলেকাত সুস্থ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰাখি সমাগত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক উপকৃত কৰাত আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে বীৰ লাচিত সেনাই।

author-image
Asomiya Pratidin
New Update
698

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা সমজিলাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সমগ্ৰ এলেকাত সুস্থ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰাখি সমাগত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক উপকৃত কৰাত আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে বীৰ লাচিত সেনাই। শুক্ৰবাৰে বীৰ লাচিত সেনাৰ ঘিলামৰা আঞ্চলিক সমিতিয়ে  এই সন্দৰ্ভত ঘিলামৰা আৰক্ষী থানা আৰু সোৱণশিৰী ৰাজহ চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে।

সমিতিৰ সভাপতি উৎপল হাজৰিকা আৰু মুখ্য সচিব খগেন্দ্ৰ কুমাৰ চুতীয়াই স্মাৰকপত্ৰত অহা ১০ আৰু ১১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ ৰাজহ চক্ৰটোৰ বিভিন্ন গ্ৰামাঞ্চলত উচ্চ শব্দ আৰু স্বৰত মাইক বজোৱা বন্ধ কৰা, ধৰ্মীয়, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰোতে মাইক আদি ব্যৱহাৰ কৰাত অনুমতি প্ৰদান নকৰা আৰু নিষেধাজ্ঞা প্ৰদানৰ আহ্বান জনাইছে।  

WhatsApp Image 2026-01-24 at 1.08.31 PM

তাৰোপৰি সমগ্ৰ এলেকাসমূহত এই সময়ছোৱাত যাতে নিয়মীয়া বিদ্যুৎ সেৱা অব্যাহত থাকে, সেইয়া নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগক আহ্বান জনাই আৰক্ষীৰ সহযোগিতা কামনা কৰিছে। সমান্তৰালভাৱে বিদ্যালয় আৰু পৰীক্ষা কেন্দ্ৰ সমূহৰ সন্মুখত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত পাণ মছলা, গোটখা, চিগাৰেট, নিচাযুক্ত সামগ্ৰী যাতে বিক্ৰী কৰিব নোৱাৰে, যান-বাহন আইন উলংঘা কৰি যাতে বাইক গাড়ী আদি তীব্ৰ বেগত চলাব নোৱাৰে তাৰ প্ৰতি  আৰক্ষীক সতৰ্ক দৃষ্টি ৰখাৰ বাবে দাবী জনাইছে সমিতিয়ে । সমিতিয়ে এই সন্দৰ্ভত ঘিলামৰা বিদ্যুৎ বিভাগৰো তৎপৰতা দাবী জনায় ।

ঘিলামৰা