অপহৰণৰ চেষ্টা চলাই আটক হ'ল বীৰ লাচিত সেনাৰ ৮জন সদস্য

সোমবাৰে মহানগৰীত অপহৰণৰ চলাই কৰি আটক হ'ল বীৰ লাচিত সেনাৰ ৮জন সদস্য। পুৱা ৯.৩০ বজাত প্ৰতীক্ষা হাস্পতালৰ সন্মুখৰ পৰা সংগঠনটোৰ ১০–১২জনীয়া এটা গোটে অপহৰণ চেষ্টা চলাইছিল যুৱকক।

author-image
Asomiya Pratidin
New Update
new ap web 3 (25)

ডিজিটেল ডেস্কঃ সোমবাৰে মহানগৰীত অপহৰণৰ চলাই কৰি আটক হ'ল বীৰ লাচিত সেনাৰ ৮জন সদস্য। পুৱা ৯.৩০ বজাত প্ৰতীক্ষা হাস্পতালৰ সন্মুখৰ পৰা সংগঠনটোৰ ১০–১২জনীয়া এটা গোটে অপহৰণ চেষ্টা চলাইছিল যুৱকক। আনকি যুৱকজনৰ পৰা ১৫–২০লাখ টকাৰ মুক্তিপণ দাবীৰো অভিযোগ উত্থাপন হৈছে সংগঠনটোৰ সদস্যসকলৰ বিৰুদ্ধে।

ইয়াৰ পাছতে, দিছপুৰ আৰক্ষীৰ অভিযান চলাই আটক কৰে সংগঠনটোৰ ৮জনকৈ সদস্যক। এই ঘটনাৰে জড়িতৰ অভিযোগত বিশ্বজিত দলে, ইমজাজুল হ’ক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বালা কলিতাক আৰক্ষীয়ে আটক কৰিছে। ঈৰশাদ খান নামৰ এজন গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আটক কৰে যুৱক কেইজনক। অপহৃত ৰাহুল মিশ্ৰৰ বন্ধু ঈৰশাদ খান।

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াঃ

এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "বীৰ লাচিত সেনাৰ কাৰ্যত আমি অসন্তুষ্ট, সংগঠনটোৱে পৰিৱেশ নষ্ট কৰিছে। আলফা(স্বা)-ৰ দৰে বীৰ লাচিত সেনাকো হয়তো আমি নিষিদ্ধ কৰিব লাগিব" বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, "ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। কালি লাচিত সেনাৰ এগৰাকী সদস্যই আই মাতৃক লৈ যি মন্তব্য দিলে, তাৰবাবেও মই আৰক্ষীক কঠোৰ ব্যৱস্থা লবলৈ নিৰ্দেশ দিছো।"

বীৰ লাচিত সেনা