ওৰাঙত মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুুতি

ওৰাং আঞ্চলিক কোচ -ৰাজবংশী সন্মিলনীৰ উদ্যোগত অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ওৰাঙত ৫১৬ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসটি মুক্তিযোদ্ধা কলামণি দাস কোচ সমন্বয় ক্ষেত্ৰত উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুুতি চলাইছে।

author-image
Asomiya Pratidin
New Update
531

ডিজিটেল সংবাদ, ওৰাং : ওদালগুৰি জিলাৰ ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনী আৰু ওৰাং আঞ্চলিক কোচ -ৰাজবংশী সন্মিলনীৰ উদ্যোগত অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত ওৰাঙত ৫১৬ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসটি মুক্তিযোদ্ধা কলামণি দাস কোচ সমন্বয় ক্ষেত্ৰত উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুুতি চলাইছে। সেই উদেশ্যে ৫১৬ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ সম্পৰ্কত  বালিসীহা নামঘৰত এখনি সাধাৰন সভা অনুষ্ঠিত হৈ যায়।

সভাত সভাপতিত্বত কৰে চিলাৰায় দিবস উদযাপন সমিতিৰ সভাপতি সোমেশ্বৰ ডেকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চিলাৰায় দিবস উদযাপন সমিতিৰ সম্পাদক দীনেশ্বৰ ডেকাই।

সভাত চিলাৰায় দিৱস উদযাপন কৰাৰ সম্পৰ্কত ওদালগুৰি জিলা মহিলা সন্মিলনীৰ সভানেত্ৰী বিজয়া ডেকা, ওদালগুৰি জিলা কোচ- ৰাজবংশী সন্মিলনীৰ সম্পাদক বজ্ৰ ডেকা, সন্মিলনীৰ সভাপতি মহেশ্বৰ দাসে বক্তব্য আগবঢ়ায়। সভাত আলোচনা -পৰ্যালোচনাৰ অন্ততঃ উপ সমিতিবোৰ পুৰ্ণাঙ্গণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহন কৰা হয়। সভাত ১৫ খন উপ সমিতি গঠন কৰা হয়।

সভাত মামলুৰাম ডেকাক সভাপতি, ললিত চন্দ্ৰ ডেকাক সম্পাদক, নব কুমাৰ ডেকা, যতীন ডেকাক সহঃ সম্পাদক, সদস্য হিচাপে পিংকু বৰা, খজেন ডেকা, বিদু্ৎপ্ৰান চহৰীয়া, অনন্ত ডেকা, গুণাৰাম শইকীয়া, ৰাকেশ ডেকা, জিতেন চহৰীয়াক এখনি ১১ জনীয়া পত্ৰিকা  সম্পাদনা সমিতি গঠন কৰা হয়৷ সভাত বালিসীহা গাঁওৰ ৰমেন ডেকা, ৰৌতাৰ শেৱালী ডেকাৰ পৰা আনুষ্ঠানিকভাৱে বৰঙণি সংগ্ৰহেৰে আৰাম্ভণী কৰা হয়।

বীৰ চিলাৰায় দিবসৰ উদযাপনৰ ৰচিদ বহীবোৰ উন্মোচন কৰে মামলুৰাম ডেকা আৰু ৰাজেন ডেকাই ৷ সভাত ৭লাখ টকাৰ বাজেট গ্ৰহন কৰা হয়। এই দিবসটি সুচাৰুৰূপে আৰু শৃংখলাৱদ্ধভাৱে পৰিচালন কৰাৰ লগতে সহায়- সহযোগিতা কৰিবলৈ আৰু গঠনমূলক -সৃষ্টিশীল দিহা-পৰামৰ্শ আদি আগবঢ়াবলৈ চিলাৰায় দিবস উদযাপন সমিতিৰ সভাপতি সোমেশ্বৰ ডেকাই আহ্বান জনাইছে।

চিলাৰায় দিৱস