'বাওফালৰ ফুটপাথ'ৰ কবি বিপুল কুমাৰ দত্ত আৰু নাই...

বিশিষ্ট কবি, অনুবাদক বিপুল কুমাৰ দত্ত আৰু নাই। প্ৰগতিশীল চিন্তা আৰু চেতনাৰে কাব্য সাহিত্যক সম্বৃদ্ধ কৰা বিশিষ্ট কবিগৰাকীয়ে শুকুৰবাৰৰ পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। বাওফালৰ ফুটপাথ, বনকৰা ছোৱালী, আহত সময়ৰ গান আদি কবিতাৰে অসমীয়া কাব্য সাহিত্যক সম্বৃদ্ধ কৰিছিল তেওঁ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ZdsZbndfgj

ডিজিটেল ডেস্ক : বিশিষ্ট কবি, অনুবাদক বিপুল কুমাৰ দত্ত আৰু নাই। প্ৰগতিশীল চিন্তা আৰু চেতনাৰে কাব্য সাহিত্যক সম্বৃদ্ধ কৰা বিশিষ্ট কবিগৰাকীয়ে শুকুৰবাৰৰ পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে। বাওফালৰ ফুটপাথ, বনকৰা ছোৱালী, আহত সময়ৰ গান আদি কবিতাৰে অসমীয়া কাব্য সাহিত্যক সম্বৃদ্ধ কৰিছিল তেওঁ।

আল্লা মেঘদে, আল্লা পানী দে আদি তেওঁৰ ব্যতিক্ৰমী কাব্য সাধনাৰ প্ৰতিফলন আছিল। অসমীয়াৰ লগতে বাংলা ভাষাতো কাব্য চৰ্চা কৰিছিল বিপুল কুমাৰ দত্তই। তেওঁ আছিল এগৰাকী সুবক্তাও। হঠাৎ অসুস্থ হৈ পৰা দত্তক পৰিয়ালৰ লোকে প্ৰথমে নলবাৰীলৈ আৰু পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটীস্থিত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰিছিল। 

বৃহস্পতিবাৰে দিনৰ ভাগত হাস্পতালত ভৰ্তি কৰা দত্তৰ স্বাস্থ্যৰ ক্ৰমাৎ অৱনতি ঘটে। নিশা প্ৰায় ৩-০০ বজাত হৃদৰোগত আক্ৰন্ত হৈ বিশিষ্ট কবিগৰাকীৰ মৃত্যু হয়। তেওঁ আছিল হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া। 

নলবাৰীৰ নিজ পকোৱা গাঁৱত জন্ম হৈছিল বিপুল কুমাৰ দত্তৰ। ১৯৬৯ চনৰ ১১ মে'ত জন্ম হোৱা বিপুল কুমাৰ দত্ত আছিল এজন খেয়ালী মনৰ কবি।

মানুহ মাটি আৰু দ্বিতীয় বিশ্ব, বৰষুণৰ গান আদিৰ স্ৰষ্টা আছিল বিপুল কুমাৰ দত্ত। তেখেতৰ মৃত্যুত অসমীয়া সাহিত্য জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

নলবাৰী অসমীয়া কবিতা কবিতা