/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-22-04-37.jpg)
ডিজিটেল সংবাদ,মিৰ্জাঃ অসমৰ বিভিন্ন প্ৰান্তৰ ভ্ৰাম্যমাণ নাট্যদল,এমেচাৰ গ্ৰুপ,দক্ষিণ কামৰূপৰ বিভিন্ন গ্ৰাম্য নাট্যদলৰ পোহৰ নিক্ষেপনৰ মুখ্য দায়িত্ব গ্ৰহণ কৰা,পৰিকল্পক পলাশবাৰীৰ কল্লাপাৰা নিৱাসী বিপুল চৌধুৰীৰ দেহাৱসান ঘটে। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ বিজয়নগৰৰ লাইভ ছেভ হাস্পতালত ভৰ্তি কৰায় যদিও তেওঁ মৃত্যুক আঁকোৱালি লয়।
অমায়িক,ভদ্ৰ চৌধুৰীয়ে একেধাৰে অসমৰ ভ্ৰাম্যমাণ নাট্যদল অনিৰ্বাণ থিয়েটাৰ,ৰূপৰাজ থিয়েটাৰ,মুন লাইট থিয়েটাৰ,তেওঁলোকৰ পৰিয়ালৰ ভ্ৰাম্যমাণ নাট্যদল ধ্ৰুৱতৰা থিয়েটাৰ আদিৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ নাট্যগোষ্ঠী বিশেষকৈ পলাশবাৰীৰ ৰংগালয়,দক্ষিণ কামৰূপৰ বিভিন্ন গ্ৰাম্য নাট্যদলৰ পোহৰ নিক্ষেপনৰ মুখ্য দায়িত্ব আৰু,পৰিকল্পক হিচাপে কাম কৰি আহিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-imag-2026-01-11-22-04-56.jpeg)
তেওঁ হেম ভট্ট,কল্যাণ দে,অ পি নায়াৰ আদি খ্যাতিসম্পন্ন নাট্যকাৰ,পৰিচালকৰ লগতো কাম কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।নাটকৰ বিভিন্ন প্ৰতিযোগিতাত তেওঁ অসমৰ বাহিৰলৈ গৈ পোহৰৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দক্ষতাৰ বাবে বঁটা,পুৰস্কাৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছিল। তেওঁৰ বিয়োগত সমগ্ৰ দক্ষিণ কামৰূপৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। তেওঁ মৃত্যুৰ সময়ত পত্নী,পুত্ৰসহ ইষ্ট-কুটুম্বক এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us