/asomiyapratidin/media/media_files/2025/12/08/ujuj-2025-12-08-09-02-09.jpg)
ডিজিটেল ডেস্কঃ ২০২১চনৰ ৭ ডিচেম্বৰ। পত্নী আৰু ১১গৰাকী সতীৰ্থৰ সৈতে দেশৰ প্ৰথমগৰাকী চিডিএছ (chief of Defence Staff) জেনেৰেল বিপিন ৰাৱট (General Bipin Rawat)ৰ হেলিকপ্টাৰ বেয়া বতৰৰ বাবে পাইলটৰ ভুলৰ বাবেই সম্ভৱত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই হেলিকপ্টাৰ দুৰ্ঘটনাত জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী মধুলিকা আৰু ১২ জোৱানৰ মৃত্যু হৈছিল।
কইম্বাটুৰৰ ছুলুৰ বায়ুসেনা শিবিৰৰ পৰা ৱেলিংটনস্থিত ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ উৰা মৰা হেলিকপ্টাৰখন চিএফআইটি (Control flight into terrain)ৰ বাবেই হয়তো দুৰ্ঘটনাত পতিত হৈছিল। তেওঁৰ মৃত্যু তথা দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হৈছিল সেই বিষয়ে তদন্ত কৰিবলৈ পৰৱৰ্তী সময়ত এখন সংসদীয় সমিতি গঠন কৰা হয় । এই সংসদীয় পেনেলৰ প্ৰতিবেদন প্ৰকাশ পাইছে । প্ৰতিবেদনত কোৱা হৈছে যে সেইদিনা সংঘটিত দুৰ্ঘটনাটোৰ কাৰণ আছিল 'মানৱ ত্ৰুটি' ।
নিহতৰ মাজত ৰাৱাটৰ পত্নী মধুলিকা, ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ, লেঃ কৰ্ণেল হৰজিন্দৰ সিং। প্ৰাণৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিং ৱেলিংটনক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল। ইয়াৰ পূৰ্বেও ২০১৫ চনত ডিমাপুৰৰ ৰঙা পাহাৰত বিমান দুৰ্ঘটনা হৈ কথমপি প্ৰাণৰক্ষা পৰিছিল ৰাৱাটৰ।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২১-২২ বৰ্ষত সংঘটিত নখন আই এ এফ বিমান দুৰ্ঘটনা আৰু ২০১৮-১৯ বৰ্ষত ১১ টা দুৰ্ঘটনাকে ধৰি এই সময়ঠোৱাত মুঠ দুৰ্ঘটনাৰ সংখ্যা আছিল ৩৪ টা । প্ৰায় তিনি বছৰৰ পিছত প্ৰতিৰক্ষা সম্পৰ্কীয় স্থায়ী সমিতিৰ প্ৰতিবেদনখন লোকসভাত উত্থাপন কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us