/asomiyapratidin/media/media_files/2025/08/19/bodoland-2025-08-19-19-58-47.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ‘সুবুংথিনি’ থান্দৈ অৰ্থাৎ ‘মানৱতাৰ দূত’ উপাধি লাভ কৰা ছহিদ বিনেশ্বৰ ব্ৰহ্মৰ ২৫ সংখ্যক মৃত্যু বাৰ্ষিকী আজি দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰত উদযাপন কৰা হয়৷ প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ মৃত্যু বাৰ্ষিকীৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি সুৰথ নাৰ্জাৰীয়ে৷
সমাধিথলীত অৰ্ধনমিতভাৱে বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰি ছহিদ বিনেশ্বৰ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে। কাৰ্যসূচী অনুসৰি সমাধিক্ষেত্ৰ আৰু প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি-পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ সহধৰ্মিনী পুষ্পা ৰাণী ব্ৰহ্মই৷ ইয়াৰ পিছতে এক স্মৃতি চাৰণ সভা অনুষ্ঠিত হয় য'ত বিনেশ্বৰ ব্ৰহ্মৰ কৰ্মৰাজী-সৃষ্টৰাজি গভীৰভাৱে আলোকপাত কৰা হয়।
উল্লেখ্য যে কোকৰাঝাৰৰ চান্দামাৰীত থকা প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত উদযাপিত হোৱা মৃত্যু বাৰ্ষিকী কাৰ্যসূচীত ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিধায়ক লৰেন্স ইছলাৰী, বিটিআৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গণেশ চন্দ্ৰ ওৱাৰী, এবছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীকে ধৰি আন বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰয়াত বিনেশ্বৰ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে বিনেশ্বৰ ব্ৰহ্মক শ্ৰদ্ধাৰে স্মৰণ কৰে।
ইপিনে অনুষ্ঠানত অংশ লৈ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে, বড়ো ভাষা উত্তৰণত মূল ভূমিকা লোৱা মানুহগৰাকীয়ে আছিল বিনেশ্বৰ ব্ৰহ্ম। বড়ো সাহিত্যক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা বিনেশ্বৰ ব্ৰহ্মৰ বাবেই আজি বড়ো ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীভুক্ত হ'ল বুলি মন্তব্য কৰি উৰ্খাও গৌৰা ব্ৰহ্মই বিনেশ্বৰ ব্ৰহ্মৰ অৱদান কাহানিও পাহৰা সম্ভৱ নহয় বুলি মন্তব্য কৰে। আনহাতে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নীলকান্ত গয়াৰীয়ে বিনেশ্বৰ ব্ৰহ্মৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি বড়ো জাতি জীয়াই থকালৈকে বিনেশ্বৰ ব্ৰহ্ম নাপহৰে বুলি মন্তব্য কৰিছে।