বিশিষ্ট লেখক, অনুবাদক বিনয় মোহন শইকীয়াই জাতীয় বিদ্যালয়ৰ পুথিভঁড়াললৈ আগবঢ়ালে পাঁচ শতাধিক মূল্যৱান গ্ৰন্থ…

বিশিষ্ট লেখক, অনুবাদক বিনয় মোহন শইকীয়াই জাতীয় বিদ্যালয়ৰ পুথিভঁড়াললৈ আগবঢ়ালে পাঁচ শতাধিক মূল্যৱান গ্ৰন্থ…

author-image
asomiyapratidin
New Update
বিশিষ্ট লেখক, অনুবাদক বিনয় মোহন শইকীয়াই জাতীয় বিদ্যালয়ৰ পুথিভঁড়াললৈ আগবঢ়ালে পাঁচ শতাধিক মূল্যৱান গ্ৰন্থ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বিশিষ্ট লেখক, অনুবাদক তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অৱসৰপ্ৰাপ্ত মূখ্য অভিযন্তা বিনয় মোহন শইকীয়াই শুক্ৰবাৰে জাতীয় বিদ্যালয় বটদ্ৰৱাৰ পুথিভঁড়াললৈ পাঁচ শতাধিক মূল্যবান গ্ৰন্থ আগবঢ়াই। বিগত দিনত শইকীয়াই ব্যক্তিগতভাৱে তেওঁৰ পিতৃ মাতৃৰ নামেৰে "ধনীৰাম প্ৰতিভাসুন্দৰী" নামৰ এটি পুথিভঁড়াল সাজি বহু মূল্যৱান কিতাপ সংগ্ৰহ কৰিছিল। আজি "ধনীৰাম প্ৰতিভাসুন্দৰী" পুথিভঁড়াল পৰা বটদ্রৱা অঞ্চলত নৱপ্ৰজন্মক গ্ৰন্থ অধ্যয়ণৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে জাতীয় বিদ্যালয় বটদ্ৰৱাৰ পুথিভঁড়াললৈ এই মূল্যবান গ্ৰন্থ সমূহ প্ৰদান কৰে।

Advertisment

বিনয় মোহন শইকীয়াৰ বটদ্রৱাৰ ভোমোৰাগুৰিৰ বাসগৃহত অনুষ্ঠিত গ্ৰন্থ প্ৰদান কাৰ্যসূচীত শিক্ষক, লেখক ৰাতুল কুমাৰ শইকীয়া, পৰান বৰুৱা, প্ৰভাত বৰুৱাৰ উপস্থিতিত জাতীয় বিদ্যালয় বটদ্ৰৱাৰ অধ্যক্ষ দিলীপ বৰাক গ্ৰন্থ সমূহ প্ৰদান কৰা হয়। অনুষ্ঠানত শইকীয়াই পৰবৰ্তী বছৰসমূহতো জাতীয় বিদ্যালয় বটদ্ৰৱাৰ পুথিভঁড়াললৈ আৰু গ্ৰন্থ আগবঢ়াই যাব বুলি মন্তব্য প্ৰদান কৰে।