/asomiyapratidin/media/media_files/2025/10/07/tretrw-2025-10-07-21-03-31.jpg)
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। মঙলবাৰে সন্ধিয়া বিলাসপুৰৰ বৰথিনত ভল্লু দলঙৰ সমীপৰ এটা পাহাৰৰ পৰা হঠাৎ এটা শিল এখন বাছত বাগৰি পৰাত থিতাতে নিহত হৈছে ১৮ জন লোক। এই দুৰ্ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্য়ে এটা শিশুক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
খবৰ অনুসৰি, বাছখনত প্ৰায় ৩০ জন লোক আছিল। দুৰ্ঘটনাটোৰ লগে লগে স্থানীয় বাসিন্দাসকলে আৰম্ভ কৰে উদ্ধাৰ অভিযান। আহতসকলক ততাতৈয়াকৈ সামূহিক স্বাস্থ্য কেন্দ্ৰ, ঘুমাৰউইন আৰু ঝাণ্ডুটা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
ইফালে, দুৰ্ঘটচনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনৰ দল। খবৰ অনুসৰি ধাৰাবাহিক বৰষুণৰ ফলত পাহাৰীয়া অঞ্চলটোৰ এটা ঢাল দুৰ্বল হৈ পৰিছিল, যাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে।
মৃত লোকসকলৰ পৰিচয় আৰু সঠিক সংখ্যা প্ৰশাসনে নিশ্চিত কৰিছে। অৱশ্য়ে এই সংখ্যা বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। ঘটনাস্থলীত স্থানীয় বাসিন্দাসকলে প্ৰশাসনক উদ্ধাৰ অভিযানত সহায় কৰা দেখিবলৈ পোৱা গৈছে। আনহাতে, এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে। তেওঁ মৃতকক শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।