/asomiyapratidin/media/media_files/2025/11/24/whatsapp-image-2025-11-24-18-40-15.jpeg)
ডিজিটেল সংবাদ,বিলাসীপাৰাঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত শিক্ষক গৌৰৱ বঁটা ২০২৫ ৰ সন্মান লাভ কৰি অসম লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বিলাসীপাৰাৰ এগৰাকী কৃতি শিক্ষকে। উত্তৰ প্ৰদেশৰ নয়ডাস্থিত মহৰ্ষি বিশ্ব বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিলাসীপাৰাৰ কৃতি শিক্ষক আয়ুব উদ্দিন আহমেদক এই কৃতিত্ব প্ৰদান কৰা হয়।
উল্লেখ্য যে আধাৰশীলা "গ্লোবেল গ্ৰুপ অফ ইনিষ্টিটিউচন", "লালবাহাদুৰ শাস্ত্ৰী টিচাৰছ ট্ৰেইনিং ইনিষ্টিটিউটটে শিক্ষক আয়ুব উদ্দিন আহমেদক অসমৰ পৰা নিৰ্বাচিত কৰি ৰাষ্ট্ৰীয় শিক্ষক গৌৰৱ সন্মান ২০২৫ প্ৰদান কৰে। এই সন্মানত শিক্ষক আহমেদক মানপত্ৰ,মেডেল ,স্মৃতিচিহ্ন, ফুলৰ থোপা আদি প্ৰদান কৰে ।
তাৰোপৰি এই অনুষ্ঠানতে শিক্ষক আহমেদে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰে । বিলাসীপাৰাৰ চাপৰ শালকোচা শিক্ষা খণ্ডৰ অধীনস্থ ১৯০ নং বেতবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আয়ুব উদ্দিন আহমেদে ইয়াৰ পূৰ্বেও কেইবা টা বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।
আনফালে নয়ডাত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ গাম্ভীৰ্য পূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত দিল্লী , ৰাজস্থান, উত্তৰ প্ৰদেশ আদি কেইবাখনো বিশ্ববিদ্যালয়ৰ আচাৰ্য,শিক্ষা গুৰু সকলৰ লগতে স্থানীয় বিধায়ক উপস্থিত থাকি ভাষণ প্ৰদান কৰে |
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us