বিলাসীপাৰাত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ...

বিলাসীপাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুটাকৈ অনুষ্ঠান অনুষ্ঠিত হয়। বিলাসীপাৰা আই এন এ খেলপথাৰত অনুষ্ঠিত হয় মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
new ap web 4 (24)

ডিজিটেল সংবাদ, ধুবুৰীঃ বিলাসীপাৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুটাকৈ অনুষ্ঠান অনুষ্ঠিত হয়। বিলাসীপাৰা আই এন এ খেলপথাৰত অনুষ্ঠিত হয় মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ ১৮,৩৭৫ গৰাকী লাখপতি বাইদেউৰ মাজত বিতৰণ কৰে চেক।

আঁচনিৰ চেকসমূহ লাভ কৰি আনন্দত উৎফুল্লিত লাখপতি বাইদেউ। প্ৰথম পৰ্যায়ৰ ১০ হাজাৰ টকা ভাল কামত লগালে দ্বিতীয় পৰ্যায়ত লাখপতি বাইদেউয়ে লাভ কৰিব ২৫ হাজাৰকৈ টকা আৰু তৃতীয় পৰ্যায়লৈ লাভ কৰিব ৫০ হাজাৰকৈ টকা। 

বিলাসীপাৰা আই এন এ খেলপথাৰৰ অনুষ্ঠান শেষ কৰি মুখ্যমন্ত্ৰীয়ে বিলাসীপাৰাৰ খুদিগাঁৱত শুভ উদ্বোধন কৰে অসমৰ প্ৰথমটো সৌৰ শক্তিৰ প্ৰকল্প। খুদিগাঁৱত ৩৫০ কোটি টকা ব্যায় সাপেক্ষে ১০০০বিঘা ভূমিত নিৰ্মাণ কৰা ৭০ মেগাৱাটৰ সৌৰ শক্তি প্ৰকল্পৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। 

বিলাসীপাৰাত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়- গৌৰৱ গগৈয়ে ৰেজাউল কৰিমক হিৰ’ হোৱাৰ ব্যৱস্থাহে কৰি দিলে। লগতে তেওঁ জনাই যে বহু বিবাহ কৰা স্বামীক দমন কৰিবলৈ অসমত জাৰি কৰা হ’ব ১১৪ নম্বৰৰ হেল্প লাইন নম্বৰ। কোনো স্বামীয়ে প্ৰথমগৰাকী পত্নী থকাৰ পাছত দ্বিতীয় বিবাহ কৰিলে ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি পাব আৰু তৃতীয় বিবাহ কৰিলে ২১ বছৰলৈ জে’লত থাকিব লাগিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিলাসীপাৰা