ৰৈ ৰৈ বিনালে উপভোগ বিকাশ অসমৰ : চিনেমাখন চাই উঠি উপস্থিত হ'ব আৰক্ষীৰ ওচৰত

জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল। জেলৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ আৰক্ষীৰ সহযোগিতাৰ বাবে। মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম।

author-image
Asomiya Pratidin
New Update
103

ডিজিটেল ডেস্ক : সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ছবিগৃহসমূহত প্ৰদৰ্শিত হৈছে জুবিন গাৰ্গৰ অন্তিম চিনেমা ৰৈ ৰৈ বিনালে। সাধাৰণ ৰাইজৰ উপৰিও ৰাজনৈতিক, সাংস্কৃতিক আৰু বিভিন্ন দল- সংগঠনৰ ভালেসংখ্যক নেতা- কৰ্মীয়ে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই উপভোগ কৰিছে ৰৈ ৰৈ বিনালে।

একেদৰে ছবিখন মুক্তি পোৱাৰ এদিন পাছতে পলাতক অৱস্থাত থকা বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমেও উপভোগ কৰে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। ছবিখন উপভোগ কৰাৰ কথা তেওঁ নিজে সমাজিক মাধ্যমত ৰাজহুৱা কৰিছে।

ৰৈ ৰৈ বিনালে উপভোগ কৰি তেওঁ লিখিছে এইদৰে- 

জুবিন দা পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ বুকুত আজিৰ দৰেই মৰমৰ আৰু প্ৰাণৰ হৈ থাকক। বৰ সুন্দৰ এখন চিনেমা। “ৰৈ ৰৈ বিনালে” সকলোৱে চাব। মানুহে ভুলৰ পৰাই শিক্ষণৰ নতুন দস্তাবেজ মেলে।

আই মাতৃ সকলে মোক ভুল বুজি নাথাকিব কাৰণ কোনো কালে মোৰ জীৱনত অসমীয়াক অপমান কৰাৰ আজিলৈ উদাহৰণ নাই। এটা কথা সত্য যে কোনো ব্যক্তিক মই জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দি কোনো দিনে সুখী হ’ব নোৱাৰিম।

বিগত দিনত অসমীয়া জাতিটোৰ বাবেই বহুবাৰ গ্ৰেপ্তাৰ বা কাৰাবাসত গৈছোঁ। গতিকে মই সৰু হিচাবে ক্ষমা বিচাৰিম জ্ঞাতে বা অজ্ঞাতে মনোকষ্ট দিয়া প্ৰতিজন ব্যক্তিৰ ওচৰত। ধৰি নাথাকিব। জাতিটোৰ বাবে আমি সকলোৱে যিকোনো দৃষ্টিকোণৰ পৰা কৰিব লগীয়া বহু কাম আছে।

জুবিন দাৰ চিনেমাখন চোৱাৰ বৰ হেঁপাহ আছিল। জেলৰ ভাত খামেই যেতিয়া চিনেমাখন চাই এতিয়া সুস্থ শৰীৰে উপস্থিত হ’মগৈ আৰক্ষীৰ সহযোগিতাৰ বাবে। মহামান্য আদালতে দিয়া ৰায়দান বা শাস্তিক সন্মানেৰে আদৰি ল’ম। এই জাতীয়তাবোধ মোৰ সংগ্ৰামী জীৱনত সদায়েই থাকিব তেজত যিকোনো অসমীয়া ব্যক্তিৰ বাবে। জয় জুবিন দা। 

জয় আই অসম॥
#JusticeForZubeenGarg

ৰৈ ৰৈ বিনালে