/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-NEW-bikhekh-lekha-1-18.jpg)
এখন যুদ্ধ চলিছে। সেই যুদ্ধ চাই বুজাজনে মুখ টিপি হাঁহিছে। যুদ্ধৰ কাৰণ – 'ভাল কাৰ'? দুয়োজনে দাবী কৰিছে নিজৰ শ্ৰেষ্ঠত্ব। বিষয় – চৰকাৰী স্কুল। দিল্লী আৰু দিছপুৰৰ মাজত চলা বৰমূৰীয়া দুজনাৰ এই যুদ্ধ অপ্ৰয়োজনীয় আৰু কোনো ফলাফলহীন যে হ'ব সেয়া সময়ে ক'ব।
শৈশৱতে হাতত চিলেট, পেঞ্চিল লৈ যোৱা গাঁৱৰ এল পি স্কুলখনৰ কথা কোনে পাহৰিব পাৰে। সেই সময়ত সেই এল পি স্কুলখনৰ অৱস্থা আজিৰ দৰে চৌখিন বা সা-সুবিধাযুক্ত নাছিল। কিন্তু তাত কেৱল কিতাপৰ শিক্ষাই নহয় জীৱনৰ শিক্ষা দি মানুহক মানুহ ৰূপে গঢ়া হৈছিল।
শিক্ষা দানৰ পদ্ধতি সলনি হ'ল। আন্ত: গাঁথনি উন্নত কৰিলে। কিন্তু সেই অনুপাতে শিক্ষাৰ মান উনন্ত হ'লনে সেয়া এতিয়াও বিচাৰ্য বিষয়। দিল্লী আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা মডেলক লৈ পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰিছে।
চৰকাৰে চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ বিপৰীতে সেইবোৰক মানৱ সম্পদৰূপে গঢ়া আধাৰ ৰূপত দিল্লীক অনুকৰণ কৰি অসম চৰকাৰে ব্যৱস্থা ল'বলৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অনুৰোধ জনাইছিল হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজস্ব ভংগীমাৰে তাৰ প্ৰত্যুত্তৰ দি দিল্লীত কিমানখন স্কুল আছে আৰু অসমত স্কুলৰ সংখ্যা কিমান তাৰ এক হিচাপ দি কেজৰিৱালক উভতি ধৰিলে।
আনকি অসমৰ বিদ্যালয়সমূহ চাবলৈ দিল্লীৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনালে। দিল্লী এখন পৌৰসভা সদৃশ অঞ্চলহে বুলি দিল্লী শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ উন্নতিক মুখ্যমন্ত্ৰীয়ে নস্যাৎ নকৰিলেও মানি ল'লে। এই ধৰণৰ মুখ চুপতি কেজৰিৱাল বা হিমন্ত বিশ্ব শৰ্মা কাৰোৰে পৰা আশা কৰা নাযায়।
অসমত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দীৰ্ঘদিনৰ মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ কি উন্নতি কৰিলে তাৰ মূল্যায়ন ইতিমধ্যে হৈছে। ৰাজনৈতিক কাৰণত বা স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী সকলে তেওঁক সমালোচনা কৰাৰ বহু থল আছে।
নিজৰ শ্ৰেষ্ঠত্ব সকলোৱে দাবী কৰে। কিমান স্কুল আছে, কিমান ছাত্ৰ-ছাত্ৰী আছে বা কি ভৌগোলিক পৰিৱেশত সেই বিদ্যালয় সমূহ আছে তাৰ জনগাঁথনি নিশ্চয় ইয়াৰ কাৰক হয়। সেইবোৰ দিশ বিবেচনালৈ এই শ্ৰেষ্ঠত্ব নিৰূপনৰ দৌৰত আহিব। কিন্তু অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ যি প্ৰতিযোগিতাত অসম চৰকাৰ নামিছে তাৰ অন্তৰালৰ উদ্দেশ্য কি।
অসমৰ চৰকাৰী বিদ্যালয়ৰ ফলাফল বেয়া হোৱাটোৱেই এই বিদ্যালয় সমূহ বন্ধ কৰাতো একমাত্ৰ কাৰণ হ'ব নোৱাৰে। অসমীয়া মাধ্যমত পঢ়িলে গাধা হ'ব বুলি ভবা এই চৰকাৰে ইংৰাজী মাধ্যমত গণিত-বিজ্ঞান পঢ়াই অসমীয়া জাতিৰ জয় জয়কাৰ কৰি দিব বুলি কেনেকৈ মানি ল'ব পাৰি।
কেবিনেটত এটা সিদ্ধান্ত লৈ তাতে আকোঁৰগোজ মাৰি বহি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা খণ্ডৰ সংস্কাৰ মাধ্যম সলনি কৰি বিদ্যালয় বন্ধ কৰি দি সম্ভৱ হ'ব বুলি কেনেকৈ ভাবি লৈছে। চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সৈতে সংখ্যালঘু প্ৰসংগ টানি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক।
চৰকাৰে বিদ্যালয় বন্ধ কৰি শিশুৰ শিক্ষাৰ অধিকাৰ কাঢ়ি নিব খুজিছে। মুখ্যমন্ত্ৰীয়ে যদি পাৰে যিকোনো চৰকাৰী কামত হকে বিহকে চৰকাৰী বিদ্যালয়ৰ শিক্ষক নিয়োগ কৰাতো বন্ধ কৰক। পাঠদান এৰি চৰকাৰী কামত লাগি থাকোতে ছাত্ৰ-ছাত্ৰী পঢ়াবলৈ সময় নোপোৱা পৰিৱেশ সৃষ্টি হয় এইখন ৰাজ্যত।
মুখ্যমন্ত্ৰীয়ে ভাৱে তেওঁ অকট্য যুক্তি দিয়ে। সেই যুক্তিবোৰ সকলোৱে মানি ল'ব লাগে। কিন্তু তেওঁৰ স্থূলৰ কথাবোৰ নিজৰ পক্ষত দাঙি ধৰা পাতলীয়া ভৱিষ্যতৰ প্ৰতি শংকা কঢ়িয়াই আনিব পৰা ক্ষন্তেকীয়া আত্ম সুখৰ বাদে আন একো নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ভাৱে তাকেই কৰে।
সেই কামবোৰে জাতি বা ৰাজ্যৰ উন্নয়নত বা বিকাশত আধাৰ হ'ব পৰাকৈ অৱকাশ থাকে নাথাকে তাক বিচাৰ নকৰে। তেওঁ কৰা ভাল কামবোৰৰ প্ৰশংসা কৰিব পৰাকৈ এটা বহল মন লৈ থকা মানুহেও ক'বলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাই একনায়কত্ববাদ চলাইছে।
দিল্লী বিধানসভাত দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কেতিয়া, ক'ত অসমৰ বিদ্যালয় চাবলৈ তেওঁ আহিব লাগে তাক জনাব কৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কথা এতিয়া।
দিল্লী স্কুল ভাল নে, অসমৰ স্কুল ভাল এই তুলনা তেওঁলোকে তেওঁলোকৰ মাজত ৰাখক। আমাৰ বাবে প্ৰতিখন বিদ্যালয় শ্ৰেষ্ঠ আৰু ভাল হব লাগে। সেয়া দিল্লীতেই হওক বা অসমতেই হওক। শিশুৰ মৌলিক অধিকাৰ শিক্ষা। জীৱনৰ বাবে সু শিক্ষা অতিকৈ প্ৰয়োজন।
মাতৃভাষাত শিক্ষা গ্ৰহণৰ বহু সুবিধা আছে। সেয়েহে প্ৰথম অৱস্থাত মাতৃভাষাত শিক্ষা গ্ৰহণত সকলোৱে গুৰুত্ব দিয়া উচিত। তাকে নকৰি এই চৰকাৰে অসমীয়া ভাষাক বহতীয়া ভাষা ৰূপত দ্বিতীয় শ্ৰেণীৰ ভাষা কৰিব বিচৰাতো অত্যন্ত পৰিতাপৰ বিষয়।
এতিয়া কোনে বুজাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। নিজে কৰা প্ৰতিটো কামৰ মূল্যায়ন নিজেই কৰি শ্ৰেষ্ঠত্ব দাবী কৰা সকলক জ্ঞানী বুলি কোৱা নাযায়। বিষয় কেতিয়াও কাৰ স্কুল ভাল এইটো নাছিল। বিষয় আছিল – চৰকাৰী বিদ্যালয় কিয় বন্ধ কৰা হৈছে, তৃতীয় শ্ৰেণীৰ পৰা গণিত-বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজীত হ'ব নালাগে, বিদ্যালয় সমূহত ছাত্ৰ অনুপাতে পৰ্যাপ্ত শিক্ষকক নিযুক্তি দিয়া হওক আদি।
টুইটাৰৰ এনে যুদ্ধই কোনো এখন ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়ন নাসাধে। বৰঞ্চ সেয়া ৰাজনৈতিক মুখ চুপতি ৰূপত এদিন সেই যুদ্ধৰ অন্ত পৰিব। কিন্তু শিক্ষাখণ্ডৰ মৌলিক সমস্যাবোৰ, চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তবোৰ জাতি আৰু ভাষটোক চিৰদিনৰ বাবে পংগু কৰি পেলাব।