/asomiyapratidin/media/media_files/2025/08/24/1-2025-08-24-23-45-00.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ পৰ্বতঝোৰাত বগৰীবাৰী আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাই আটক কৰিলে এটা বৃহৎ বাইক চুৰি চক্ৰ। প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ অভিযানত ৭ খন চুৰি বাইক জব্দ কৰা লগতে ৯ জনকৈ ব্যক্তিক আটক কৰে।
আটকাধীন লোক কেইজন ক্ৰমে মানকাচৰ-দক্ষিণ শালমাৰা বয়জেৰ আলগা সপ্তম খণ্ড গাঁৱৰ হাফিজ হেবজুৰ ৰহমান, ধুবুৰী জিলাৰ নয়াহাট আৰক্ষী থানাৰ ভোলাৰভিটা গাঁৱৰ ছাইফুল ইছলাম, গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চৌতাৰা গাঁৱৰ স্বৰূপ ইছলাম।
লগতে গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আইৰ কাটি ফচতপুৰ গাঁৱৰ আব্দুল আজিজ মণ্ডল, গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ সপ্তম খণ্ড মহিবুল হক, গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ অষ্টম খণ্ড আবুল হোছেইন, গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ সপ্তম খণ্ড গাঁৱৰ জহিৰুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
তাৰোপৰি গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পানবাৰীৰ ইব্ৰাহিম আলী, কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাজা পাৰা প্ৰথম খণ্ড গাঁৱৰ ৰফিকুল ইছলামকো আৰক্ষীয়ে আটক কৰে।
উল্লেখযোগ্য যে, বগৰীবাৰী আৰক্ষীয়ে আটকাধীন ৯ গৰাকী ব্যক্তিৰ বিৰুদ্ধে PS Case No-50/2025 নং গোচৰ ৰুজু কৰি মাৰাথন জেৰা চলাই থকা বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কাৰ্তিক বসাকে জানিবলৈ দিয়ে।