ডবকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক দুৰ্ঘটনা : এজন নিহত

বুধবাৰে সন্ধিয়া ডবকা গনিপুৰ বাইপাছৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহীৰ মৃত্যু হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
592

ডিজিটেল সংবাদ, ডবকা : বুধবাৰে সন্ধিয়া ডবকা গনিপুৰ বাইপাছৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহীৰ মৃত্যু হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, নীলবাগান বজাৰৰ কল মিস্ত্ৰী ফয়জুৰ ৰহমান ওৰফে ফইজু ডবকা চহৰৰ পৰা নিজৰ মটৰ চাইকেল যোগে নীলবাগানস্থিত নিজ ঘৰলৈ গৈ থকা অৱস্থাত গনিপুৰ বাইপাছত হঠাৎ বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।

দুৰ্ঘটনাত তেওঁ গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পাছতে স্থানীয় লোকসকলে তত্‍ক্ষণাত ফয়জুৰ ৰহমানক উদ্ধাৰ কৰি ডবকা চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ফয়জুৰ ৰহমানৰ আকস্মিক মৃত্যুত নীলবাগান অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। এজন পৰিশ্ৰমী কল মিস্ত্ৰি হিচাপে পৰিচিত ফয়জুৰৰ মৃত্যুত আত্মীয়-স্বজন তথা স্থানীয় ৰাইজ শোকস্তব্ধ হৈ পৰিছে। উক্ত ঘটনাৰ বিষয়ে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ডবকা