মটৰ চাইকেল আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষঃ নিহত দুই যুৱক

নিহত যুৱকদ্বয়ক গোৱালপাৰাৰ পৰেশ ৰাভা ( ৩০ ) আৰু ভৱেশ ৰাভা ( ২৪ ) বুলি জানিব পৰা গৈছে। ইয়াৰে নিহত পৰেশ ৰাভা গোৱালপাৰা জিলাৰ মালাঝোৰা আৰু  ভৱেশ ৰাভা গোৱালপাৰা জিলাৰ গজাপাৰাৰ বুলি জানিব পৰা হৈছে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ শিলজান পথত আজি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মটৰচাইকেল আৰু ডাম্পাৰ গাড়ীৰ মূখামুখি সংঘৰ্ষৰ ফলত দুই যুৱকৰ কৰুণ মৃত্যু হয়।

নিহত যুৱকদ্বয়ক গোৱালপাৰাৰ পৰেশ ৰাভা ( ৩০ ) আৰু ভৱেশ ৰাভা ( ২৪ ) বুলি জানিব পৰা গৈছে। ইয়াৰে নিহত পৰেশ ৰাভা গোৱালপাৰা জিলাৰ মালাঝোৰা আৰু  ভৱেশ ৰাভা গোৱালপাৰা জিলাৰ গজাপাৰাৰ বুলি জানিব পৰা হৈছে ৷

প্ৰাপ্ত বাতৰি মতে গোৱালপাৰা জিলাৰ পৰা যুৱকদ্বয়ে কোকৰাঝাৰ নায়েকগাঁৱত ৰবৰ বাগানত শ্ৰমিক হিচাপে কাম কৰিছিল। ৰবৰ বাগানক কাম কৰি  মটৰচাইকেলেৰে ঘৰ অভিমুখে উভতাৰ পথত বিপৰীত দিশৰ পৰা অহা ডাম্পাৰ এখনে মহতিয়াই নিয়ে।

দgৰ্ঘটনাৰ ফলত তেওঁলোক গুৰুতৰভাৱে আহত হয় আৰু কোকৰাঝাৰ ট্ৰেফিকে তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

বৰ্তমান মৃত যুৱকদ্বয়ৰ মৃতদেহ কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতালত ৰখা হৈছে । ইপিনে আৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন (এএচ ১৯এচি, ৫৭৭৯) জব্দ কৰিছে ।

কোকৰাঝাৰ