/asomiyapratidin/media/media_files/2025/11/02/ujjdd-2025-11-02-10-33-58.jpg)
ডিজিটেল ডেস্কঃ ১নৱেম্বৰ, ২০২৫ শনিবাৰে দিছপুৰ থানাত আত্মসৰ্মপণ কৰা বীৰ লাচিত নেতাৰ প্ৰাক্তন নেতা বিকাশ অসমক আজি চি জে এম আদালতত হাজিৰ কৰোৱা হ'ব। বিকাশ অসমক আৰক্ষীয়ে ১০দিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে।
ইফালে বিকাশ অসমৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য দিছপুৰ আৰক্ষীয়ে লাভ কৰিছে বুলি এক সূত্ৰই সদৰি কৰিছে। ৰাহুল মিশ্ৰক অপহৰণ কাণ্ডৰ সৈতে বিকাশ অসমৰ লিংক বিচাৰি পাইছে আৰক্ষীয়ে। অপহৰণৰ সময়ত বিকাশ অসমৰ সৈতে অপহৰণকাৰীৰ সঘন যোগাযোগ হৈছিল!
ইফালে ৰাজ্যৰ ভিন্ন জিলাত বিকাশ অসমৰ বিৰুদ্ধে বহুকেইটা গোচৰ ৰুজু হৈ আছে। পৰ্যায়ক্ৰমে এই থানা সমূহেও বিকাশ অসমক জিম্মাত বিচাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us