/asomiyapratidin/media/media_files/2025/10/27/ujjjdd-2025-10-27-19-59-47.jpg)
ডিজিটেল ডেস্কঃ অপহৰণ তথা ধনদাবীৰ সৈতে নাম সাঙোৰ খোৱাৰ পাছতে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। ফোন অফ কৰি ইতিমধ্যে গোপন স্থানত আত্মগোপন কৰা বিকাশ অসমৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
আৰক্ষীৰ এনে অভিযানৰ পাছতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাইও ঘোষণা কৰিছে যে, অভিযোগমুক্ত নোহোৱালৈকে বিকাশ অসমক অব্যাহতি দিয়া হৈছে বীৰ লাচিত সেনাৰ পৰা। বিকাশ অসমৰ সন্ধানত গুৱাহাটীৰ পৰা ওলাই যোৱা প্ৰায় সকলো পথতে তালাচী আৰম্ভ কৰিছে গুৱাহাটী আৰক্ষীয়ে।
ইফালে গোপন সূত্ৰৰ ভিত্তিত অসম-মেঘালয়ৰ সীমান্তৱৰ্তী খানাপাৰাতো অভিযান চলাইছে আৰক্ষীয়ে। ফোন অফ থকাৰ বাবে এতিয়ালৈকে বিকাশ অসমৰ লোকেশ্যন ট্ৰেক কৰিব পৰা নাই বুলি সদৰি কৰিছে আৰক্ষীয়ে। অচিৰেই বিকাশ অসমৰ সন্ধান ওলাব বুলিও সদৰি কৰিছে গুৱাহাটী আৰক্ষীয়ে।
আনফালে সোমবাৰৰ এই ঘটনা পোহৰলৈ অহাৰ পাছতেই মেঘালয়লৈ বিকাশ অসম গুছি যোৱা বুলিও চৰ্চা অব্যাহত আছে। দিনৰ ভাগৰ পৰাই দুয়োটা ফোন বন্ধ কৰি ৰাখিছে বিকাশ অসমে। আনফালে বীৰ লাচিত সেনাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কঠোৰ হৈছে অসম আৰক্ষী।
সংগঠনটোৰ মুখ্য সচিবকে ধৰি অন্য ৩গৰাকী শীৰ্ষ নেতাক এতিয়াও দিছপুৰ আৰক্ষীয়ে আটক কৰি ৰাখিছে। শৃংখল চলিহাই এই ঘটনাক কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ কটাক্ষ কৰাৰ লগতে বিনা চৰ্তে আটাইকেইগৰাকী নেতাক মুক্তি কৰি দিয়াৰ দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us