জুবিনৰ ন্যায়ৰ বাবে সৰৱ হোৱা বিকাশ অসমক কৰ্তব্যৰত আৰক্ষীক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ

বিকাশ অসমক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ। জুবিন গাৰ্গৰ হত্যাৰ কাণ্ডৰ ন্যায়ৰ দাবীৰে সৰৱ হৈ থকা বিকাশক মঙলবাৰে ফটাশিল আমবাৰী আৰক্ষীয়ে আটক কৰি পাছত গ্ৰেপ্তাৰ কৰে। 

author-image
Asomiya Pratidin
New Update
new ap web 3 (1)

ডিজিটেল ডেস্কঃ বীৰ লাচিত সেনা অসমৰ নেতা বিকাশ অসমক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিছে। জুবিন গাৰ্গৰ হত্যাৰ কাণ্ডৰ ন্যায়ৰ দাবীৰে সৰৱ হৈ থকা বীৰ লাচিত সেনাৰ কামৰূপৰ মুখ্য সচিবগৰাকীক মঙলবাৰে ফটাশিল আমবাৰী আৰক্ষীয়ে আটক কৰাৰ পাছত জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিছে। 

তেওঁৰ বিৰুদ্ধে জনসাধাৰণৰ শান্তি, শৃংখলা আৰু সুৰক্ষাক ক্ষতি কৰাৰ উপৰিও কৰ্তব্যৰত আৰক্ষীক হত্যাৰ চেষ্টাৰ দৰে জঘন্য অপৰাধ, বৈধ তদন্ত প্ৰক্ৰিয়াত বাধা, ফৌজদাৰী ষড়যন্ত্ৰ আৰু চৰকাৰী সম্পত্তি ধ্বংস কৰাৰ অভিযোগ উত্থাপন হৈছে। 

WhatsApp Image 2025-10-01 at 3.39.34 PM

উল্লেখ্য যে, কেৱল বিকাশ অসমেই নহয়, ইতিপূৰ্বে সংগীত পৰিচালক অজয় ফুকন, ভিক্টৰ দাসকে ধৰি বহু কেইজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এইসকলে জুবিনৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। 

অজয় ফুকন আৰু ভিক্টৰ দাসক প্ৰথমে সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখৰ পৰা আটক কৰি আনি গ্ৰেপ্তাৰ কৰা হৈছিল যদিও তেওঁলোকক মুক্তি দিয়া হৈছিল। কিন্তু তাৰ পাছতেই তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু পৰৱৰ্তী সময়ত এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা যায়। 

ইফালে বিকাশ অসমক গ্ৰেপ্তাৰৰ পাছতে বীৰ লাচিত সেনাই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দলটোৰ আন এজন নেতা শৃংখল চলিহাই ফেচবুকৰ জৰিয়তে বিকাশ অসমৰ সৈতে তেওঁলোক আছে বুলি মন্তব্য কৰাৰ বিপৰীতে সংগঠনটোৰ গোলাঘাট জিলা সমিতিয়ে চৰকাৰ তথা প্ৰশাসনক এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। 

বীৰ লাচিত সেনা, অসম গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিলাষ বৰাই এই সন্দৰ্ভত কয় যে, জুবিন গাৰ্গৰ ন্যায়ৰ সপক্ষে মাত মতা সকলৰ কিয় কণ্ঠ ৰোধ কৰিব বিচাৰিছে চৰকাৰে? যিসময়ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযুক্তসকলক আটক কৰি জেৰা চলাব লাগিছিল, সেইসময়ত কিন্তু ন্যায় বিচাৰি গণতান্ত্ৰিক আন্দোলন কৰা সকলৰ বিৰুদ্ধে নামি পৰিছে আৰক্ষী প্ৰশাসন। সমগ্ৰ বিষয়টো দুৰ্ভাগ্যজনক। 

উল্লেখ্য যে, আজি আৰক্ষীৰ জিম্মাত থকাৰ সময়তে বিকাশ অসমে সাংবাদিকৰ আগত কয় জুবিন দা জীয়াই আছে,সদায় থাকিব,ভয় খাব নালাগে। 

জুবিন গাৰ্গ বীৰ লাচিত সেনা