/asomiyapratidin/media/media_files/2025/10/30/biksh-2025-10-30-09-33-12.jpg)
ডিজিটেল ডেস্কঃ ৩০অক্টোবৰ, ২০২৫ৰ নিশাৰ ভাগলৈ গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বীৰ লাচিত সেনাৰ পলাতক বহিস্কৃত নেতা বিকাশ অসম। অসমৰ বাহিৰত বিকাশ অসমৰ অৱস্থিতি ধৰা পেলাবলৈ সক্ষম হৈছে অসম আৰক্ষী। অৱশ্যে ফোন বন্ধ কৰি স্থান সলনি কৰি থকাৰ বাবে বিকাশ অসমক কৰায়ত্ত কৰাত কিছু জটিলতা আহি পৰিছে।
যোৱা ২৯অক্টোবৰ, ২০২৫ত বিকাশ অসমে ৭পৃষ্ঠা জোৰা চিঠি নিজৰ সামাজিক মাধ্যমত আপলোড কৰিছিল। তাৰ পিছত প্ৰায় ৩০মিনিট সময় ধৰি সামাজিক মাধ্যমত সক্ৰিয় হৈ আছিল বিকাশ অসম। উক্ত সময়তে বিকাশ অসমৰ লোকেশ্যন ট্ৰেক কৰিছিল অসম আৰক্ষীয়ে।
অৱশ্যে বিকাশ অসমে লিখা চিঠিত তেওঁক বিচাৰি মিছাতে অসম আৰক্ষীক কষ্ট কৰিবলৈ মানা কৰিছিল। সময় আহিলে নিজে ধৰা দিয়াও কথাও উল্লেখ কৰি ক্ষৰ্মা প্ৰাৰ্থনা বিচাৰিছিল অসম আৰক্ষীৰ ওচৰত। গ্ৰেপ্তাৰ হ'লে আগন্তুক ৬-৭মাহলৈ কোনো কথা কোৱাৰ পৰিৱেশ নাথাকিব বুলিয়েই অজ্ঞাত স্থানত থাকি ৰাইজক কথাবোৰ জনোৱা হৈছে বুলি কৈছিল বিকাশ অসমে।
বিকাশ অসমতে লগতে প্ৰত্যাহ্বান জনাইছিল যে, তেওঁ ধনদাবী কৰি কাকোৱেই পত্ৰ দিয়া নাই। স্বৰ্গৰথৰ বাবেহে শুভাকাংক্ষীলৈ প্ৰেৰণ কৰা কেইখনমান পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে বুলি উল্লেখ কৰিছে চিঠিখনত। সংবাদ মাধ্যমত প্ৰচাৰিত হৈ থকাৰ দৰে কাকোৱেই ১০-২০লাখ টকা দাবী কৰা নাই বুলি প্ৰত্যাহ্বান জনাইছিল বিকাশ অসমে।
জুবিন গাৰ্গক ন্যায়ৰ দাবী কৰি অহাৰ বাবেই বিজেপিৰ একাংশ নেতা-পালিনেতাৰ লগতে চৰকাৰৰ ৰোষত পৰা বুলি উল্লেখ কৰিছিল চিঠিখনত। বিগত প্ৰায় ৩দিন ধৰি পলাতক লৈ থকা বিকাশ অসমক লৈ যোৱা ২৯অক্টোবৰৰ নিশাৰ পৰাই তীব্ৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীৰ এটা শক্তিশালী দলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us