মাল্টি নেচনেল কোম্পানীৰ কেমিকেলযুক্ত সামগ্ৰীৰ বিৰুদ্ধে 'বিকল্প'ৰ সাহসী যাত্ৰা...

বিকল্প, অসমীয়া শব্দ যাৰ অৰ্থ বিকল্প বা আন এক বাট বিচাৰি পোৱা বা আগুৱাই যোৱা। কোৰোনা মহামাৰীৰ সময়ত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এক যাত্ৰা এতিয়া উদ্যোগলৈ ৰূপান্তৰ হ'ল।  প্ৰাকৃতিক উপাদানে

New Update
dddd

ডিজিটেল ডেস্কঃ  বিকল্প, অসমীয়া শব্দ যাৰ অৰ্থ বিকল্প বা আন এক বাট বিচাৰি পোৱা বা আগুৱাই যোৱা। কোৰোনা মহামাৰীৰ সময়ত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা এক যাত্ৰা এতিয়া উদ্যোগলৈ ৰূপান্তৰ হ'ল।  প্ৰাকৃতিক উপাদানে জৈৱিকভাৱে  পঁয়ত্ৰিশটাতকৈও অধিক ছাল আৰু সৌন্দৰ্য্যবৰ্ধনৰ সামগ্ৰীৰ প্ৰস্তুত কৰিছে তেওঁলোকে। 

7c2c8338-5495-4bf4-94cf-9ab40e8be42a

এই যাত্ৰা আৰম্ভ হয় ২০২০ চনৰ পৰা।  বিপাশা শৰ্মা আৰু তেওঁৰ স্বামীয়ে কোৰোনাৰ সময়ত এক জটিল পৰিস্থিতিৰ মুখামুখি হৈছিল। কোৰোনাৰ সময়তো স্বামী কৰ্মসূত্ৰে ঘৰৰ বাহিৰলৈ যাব লগা হৈছিল। তেনে সময়তে সন্তান সম্ভৱা পত্নীৰ কাষলৈ যাবলৈ ১০বাৰ ভাৱিব লগা হৈছিল। সেই সময়ত অত্যাধিক কেমিকেল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা চেনিটাইজ্যাৰে আহিবলগীয়া সন্তানৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব বুলি এক শংকাত আছিল দম্পতীশাল। 

c347812e-eeea-41e7-bd9e-11bd372f11da

তেনে সময়তে তেওঁলোকৰ মনলৈ আহিল যে অত্যাধিক কেমিকেলযুক্ত এনে দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীবোৰৰ বিকল্প কি হ'ব পাৰে! প্ৰথমে তেওঁলোকে কমলা টেঙাৰ বাকলিৰ কিছু সংমিশ্ৰণেৰে প্ৰস্তুত কৰিছিল জৈৱিক চেনিটাইজ্যাৰ। তাৰ পিছত এই যাত্ৰা থমকি নৰ'ল। 

মৌৰ ম'ম, এলোভেৰাৰ মিশ্ৰণৰ আৰু অন্যান্য কোমল, ঔষধিযুক্ত উদ্ভিদৰ ব্যৱহাৰ কৰি ছালৰ সৌন্দৰ্যবৰ্ধনৰ ভিন্ন সামগ্ৰী প্ৰস্তুত কৰিলে। বিকল্পৰ এই সামগ্ৰীসমূহ শিশুৰ পৰা আদি কৰি বৃদ্ধৰ লৈকে ব্যৱহাৰ কৰিব পাৰে। ডাঙৰ ডাঙৰ মাল্টিনেচনেল কোম্পানীয়ে গ্ৰাস কৰা বজাৰখনত অতি সাহস আৰু আত্মবিশ্বাসেৰে খোজ পেলাইছিল তেওঁলোকে।

119579c6-4a25-4e00-8e9b-7c6c63bd2222

নন্দিনীৰ প্ৰথম সংস্কৰণৰ পৰাই তেওঁলোকে জড়িত হৈ আছে। প্ৰতিটো সংস্কৰণতে তেওঁলোকৰ বিপনীত গ্ৰাহকৰ সহাঁৰি অতিকৈ উতসাহজনক। অনলাইন, অফলাইন দুয়োটা মাধ্যমতে তেওঁলোকে তেওঁলোকৰ সামগ্ৰীবোৰ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। 

গ্ৰাহকেও বিকল্পৰ এই যাত্ৰাক সাহস আৰু সহাঁৰি জনাইছে। পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি যাতে কোনো ভাবুকিৰ সৃষ্টি কৰে তাৰ প্ৰতি বিকল্পই আৰম্ভ কৰা এই যাত্ৰা কেৱল ব্যৱসায়িক যাত্ৰা নহয়, এক দায়ৱদ্ধতাৰ যাত্ৰা বুলি ক'লেও ভুল কোৱা নহ'ব। 

f32377b7-0437-460b-a1eb-ff76b2bed7b1

নন্দিনী