আজি বিজয়া দশমীঃ পৃথিৱীৰ পৰা বিদায় ল'ব মা দুৰ্গাই...

৫ দিনীয়া শাৰদীয় দুৰ্গোৎসৱৰ আজি প্ৰতিমা বিসৰ্জনৰ জৰিয়তে অন্ত পৰিব। দেৱী দুৰ্গাক আজি যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূজা–অৰ্চনাৰ অন্তত বিদায় দিব ভক্তসকলে। 

author-image
Asomiya Pratidin
New Update
bijaya ddasami 10

ডিজিটেল ডেস্কঃ আজি বিজয়া দশমী। ৫ দিনীয়া শাৰদীয় দুৰ্গোৎসৱৰ আজি প্ৰতিমা বিসৰ্জনৰ জৰিয়তে অন্ত পৰিব। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি যথা বিহিত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পূজা–অৰ্চনাৰ অন্তত আজি অশ্ৰুসিক্ত নয়নেৰে বিদায় দিব ভক্তসকলে। 

প্ৰতিমা বিসৰ্জনেৰে সমাপ্ত হ’ব শাৰদীয় দুৰ্গোৎসৱৰ উচাহ। আজি ভক্তগণে বিদায় দিব দুৰ্গতিনাশীনি দুৰ্গা মাক। বিজয়া দশমী মানেই মা দুৰ্গাই পৃথিৱী এৰি কৈলাশলৈ উভতি যোৱা। পুনৰ এটা বছৰৰ অপেক্ষা। ৫ দিনীয়া পূজা–অৰ্চনাৰ অন্তত ম্লান পৰিব পূজা মণ্ডপসমূহ।

বিজয়া দশমী উপলক্ষে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ৰাৱণ দাহৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। পূৰাণ মতে, এই তিথিত দেৱী দুৰ্গা দেৱীৰ আশীৰ্বাদ লৈ লংকাৰ ৰজা ৰাৱণক বধ কৰিছিল দশৰথ পুত্ৰ শ্ৰীৰামচন্দ্ৰই।

স্থানভেদে বিজয়া দশমীৰ দিনা সেন্দুৰ খেলা ৰীতিও চলি আহিছে। বিবাহিত মহিলাসকলে স্বামীৰ মংগল কামনা কৰি সেন্দুৰ পিন্ধে। সেন্দুৰক ব্ৰহ্মাৰ প্ৰতীক বুলি ভৱা হয়। 

তেওঁক সন্তুষ্ট ৰাখিবলৈ কপালত ৰঙা সেন্দুৰ পৰিধান কৰা হয়। সেইবাবে দশমীৰ দিনা হিন্দু শাস্ত্ৰ অনুসৰি দেৱী বৰণৰ পিছত বিবাহিত মহিলাসকলে সেন্দুৰ খেলাৰ ৰীতি পালন কৰে। এই নিয়মক সৌভাগ্যৰ প্ৰতীক বুলিও কোৱা হয়।

দুৰ্গা পূজা