প্ৰসংগঃ জনজাতিকৰণ, ছয় জনগোষ্ঠীৰ মাজত সৃষ্টি সংঘাত

বিহপুৰীয়াৰ সোৱণশিৰী পাৰত মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK ৰ লগতে আন কেইবাটাও জাতীয় সংগঠনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী জোৰ সমদল  বাহিৰ কৰে ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-24 at 7.41.15 PM

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ ৰাজ্যত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত। এই সময়ছোৱাতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধেমিচিং জাতীয় সংগঠন সমূহে কৰিছে প্ৰতিবাদ। বিহপুৰীয়াৰ সোৱণশিৰী পাৰত মিচিং জাতীয় সংগঠন TMPK,MMK,TMMK ৰ লগতে আন কেইবাটাও  জাতীয় সংগঠনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী জোৰ সমদল  বাহিৰ  কৰা পৰিলক্ষিত হয় ৷  

WhatsApp Image 2025-11-24 at 7.42.27 PM

উল্লেখ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ মিচিং সংগঠনৰ ৷ সংগঠন কেইটাই জনজাতীয় নেতা আদিত্য খাকলাৰী আৰু তিলক দলেৰ বিৰুদ্ধে ছয় জনগোষ্ঠীৰ একাংশ নেতাই কৰি অহা বিৰূপ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই। 

WhatsApp Image 2025-11-24 at 7.41.41 PM

তাৰোপৰি বিহপুৰীয়াৰ বদতি,ধুনাগুৰি আদি মিচিং জনগোষ্ঠী অধ্যুষিত এলেকা সমূহত মিচিং জাতীয় সংগঠন সমূহৰ নেতৃত্বত প্ৰতিবাদী সমদল বাহিৰ কৰা দেখা যায় । 

WhatsApp Image 2025-11-24 at 7.42.07 PM

বিহপুৰীয়া