/asomiyapratidin/media/media_files/2025/09/04/fwe-2025-09-04-20-41-14.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়াঃ বৃহস্পতিবাৰে বিহপুৰীয়া আৰক্ষীয়ে অভিযান চলাই বদতিঘাট থানাৰ অন্তৰ্গত দহঘৰীয়াৰ পৰা ৮কাৰ্টুন অৰুণাচলী সুৰাসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
AS-07 T 8884 নম্বৰৰ এখন বিলাসী বাহনেৰে মাজুলীলৈ সুৰাখিনি সৰবৰাহ কৰিবলৈ লওঁতেই বদতিঘাট আৰক্ষী থানাৰ আৰক্ষীয়ে গাড়ী খন ৰখাবলৈ যত্ন কৰে। পিছে প্ৰভাত মুদৈ নামৰ আৰক্ষী জোৱান জনক মহতিয়াই বাহন খনে পলায়ন কৰে ৷ পৰবৰ্তী সময়ত বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈ, উপ পৰিদৰ্শক ক্ৰমে প্ৰণৱ চন্দ্ৰ বৰা আৰু এলউইন ৰংপিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই দহঘৰীয়াৰ দামোদৰ কুলীৰ বাসগৃহৰ পৰা গাড়ীসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
এই সৰবৰাহকাৰী কেইটা ক্ৰমে ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত চণ্ডী গাৱঁৰ প্ৰসাদ চণ্ডী(২৭), গকুল দলে (২৫) আৰু জিতু চণ্ডী(২৩) ক গ্ৰেপ্তাৰ কৰে ৷ উল্লেখযোগ্য যে, বদতিঘাট আৰক্ষী থানাৰ অন্তৰ্গত নদীপথ সমূহেৰে দীৰ্ঘদিনৰ পৰা মাজুলীলৈ অৰুণাচলী সুৰা সৰবৰাহ হৈ আহিছে ৷