মুছলমান সমাজে দান কৰা ভূমিত প্ৰতিষ্ঠা বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ

তামিলনাডুৰ মহাবলীপুৰমৰ পট্টিকাডু গাঁৱত বিগত ১০ বছৰ ধৰি নিৰ্মাণৰ কাম চলি আছিল বিশাল শিৱলিংগটোৰ। মূল ভাস্কৰ্য শিল্পী লোকনাথ আৰু তেওঁৰ দলটোৱে এই শিৱলিংগটো নিৰ্মাণ কৰি উলিয়াছে।

author-image
Asomiya Pratidin
New Update
new ap web 6 (17)

ডিজিটেল ডেস্কঃ বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ কল্যাণপুৰ ব্লকত নিৰ্মাণ হৈ থকা বিৰাট ৰামায়ণ মন্দিৰত শেহতীয়াকৈ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় লাখ লাখ ভক্ত।মাঘ কৃষ্ণ চতুৰ্দশীৰ পৱিত্ৰ ক্ষণত বেদ-মন্ত্ৰ উচ্চাৰণ আৰু বিশেষ পূজা-অৰ্চনাৰ মাজেৰে এই ঐতিহাসিক কাৰ্যসূচী ৰূপায়িত কৰে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ স্থাপন কৰা হয়। এই বিশাল শিৱলিংগটোৰ ওজন ২১০ টন আৰু ইয়াৰ উচ্চতা ৩৩ ফুট। 

WhatsApp Image 2026-01-18 at 2.17.29 PM

উল্লেখ্য যে - তামিলনাডুৰ পৰা বিহাৰলৈ এই ২১০ টন ওজনৰ শিৱলিংগটো কঢ়িয়াই অনাটো আছিল এক প্ৰত্যাহ্বানমূলক কাৰ্য। এক বিশেষ ধৰণৰ ৯৬ চকীয়া হাইড্ৰলিক ট্ৰেইলাৰৰ সহায়ত প্ৰায় ২,৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি এই বিগ্ৰহটো বিহাৰত উপস্থিত হয়। ৪৫ দিনীয়া এই যাত্ৰাপথত বিভিন্ন ঠাইত ভক্তসকলে পুষ্পবৃষ্টিৰে মহাদেৱক আদৰণি জনায়।মন্দিৰত মুঠ ১২টা শিখৰ আৰু ২২টা মন্দিৰ থাকে বুলি জানিব দিয়ে। আটাইতকৈ ওখ শিখৰটো হ’ব ২৭০ ফুট। মন্দিৰৰ মাটিকালি ১২০ একৰ বুলি জানিব পৰা গৈছে।

WhatsApp Image 2026-01-18 at 2.19.54 PM

এই পবিত্ৰ স্থাপন অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত থাকি আশীৰ্বাদ গ্ৰহণ কৰে। আকাশৰ পৰা হেলিকপ্টাৰেৰে শিৱলিংগটোৰ ওপৰত পুষ্পবৃষ্টি কৰে। অশিৱলিংগ স্থাপনৰ বাবে কম্বোডিয়াৰ পৰা বিশেষ ফুল আমদানি কৰা হৈছিল।এই মন্দিৰ নিৰ্মাণৰ বাবে হিন্দুসকলৰ লগতে স্থানীয় মুছলমান সমাজেও ভূমি দান কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। বিভিন্ন মঠ-মন্দিৰৰ সাধু আৰু সন্তসকলো এই শুভ ক্ষণৰ সাক্ষী হৈছিল। চাৰিওফালে দেখা গৈছিল এক উৎসৱমুখৰ পৰিৱেশ।

WhatsApp Image 2026-01-18 at 2.20.15 PM

কোনোৱে যদি শিৱৰ সাজ-পোছাক পৰিধান কৰি ভক্তসকলক মোহিত কৰিছিল, আন কোনোৱে আকৌ শিৱৰ অনুগামীৰ সাজ-পোছাক পৰিধান কৰিছিল। তামিলনাডুৰ মহাবলীপুৰমৰ পট্টিকাডু গাঁৱত বিগত ১০ বছৰ ধৰি নিৰ্মাণৰ কাম চলি আছিল বিশাল শিৱলিংগটোৰ। মূল ভাস্কৰ্য শিল্পী লোকনাথ আৰু তেওঁৰ দলটোৱে এই শিৱলিংগটো নিৰ্মাণ কৰি উলিয়াছে।

বিহাৰ