/asomiyapratidin/media/media_files/2025/11/06/whatsapp-imag-2025-11-06-07-55-54.jpeg)
ডিজিটেল ডেস্ক : বিহাৰৰ প্ৰথম পৰ্যাৰ নিৰ্বাচনক লৈ এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (ADR) আৰু বিহাৰ ইলেকচন ৱাটচৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছে। ৰাজ্যখনৰ ৰাজনীতিত অপৰাধ আৰু ধনশক্তিৰ গভীৰ সম্পৰ্ক পুনৰ উদঙাই দিছে এই প্ৰতিবেদনখনে।
প্ৰথম পৰ্যায়ৰ মুঠ ১৩০০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৪২৩ জন (৩২%) প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। ইয়াৰ ভিতৰত ৩৫৪ জন (২৭%) প্ৰাৰ্থীৰ বিৰুদ্ধে হত্যা (৩৩ টা), হত্যাৰ চেষ্টা (৮৬ টা), মহিলাৰ বিৰুদ্ধে অপৰাধ (৪২ টা), আৰু ধৰ্ষণ (২ টা)ৰ দৰে গুৰুতৰ অপৰাধমূলক গোচৰ চলি আছে।
ৰাষ্ট্ৰীয় জনতা দল (RJD)ৰ ৭০ জনৰ ভিতৰত ৪২ জন (৬০%), ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ ৪৮ জনৰ ভিতৰত ২৭ জন (৫৬%), আৰু কংগ্ৰেছৰ ২৩ জনৰ ভিতৰত ১২ জন (৫২%) প্ৰাৰ্থী গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত। চি পি আই (এম এল)ৰ ৬৪% আৰু চি পি আইৰ ৮০% প্ৰাৰ্থীৰ বিৰুদ্ধেও অপৰাধমূলক গোচৰ আছে।
প্ৰতিবেদনত কোৱা হৈছে যে মুঠ ১৩০৩ জন প্ৰাৰ্থীৰ ভিতৰত ৫১৯ জন (৪০%) কোটিপতি। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৬৫১ জন প্ৰাৰ্থী (৫০%) স্নাতক বা তাতোকৈ অধিক শিক্ষিত, আনহাতে ৫১৯ জন প্ৰাৰ্থী পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us