বিহাৰত বিজেপিৰ ধুমুহাত তচনচ বিৰোধী...

সময় যিমানেই বাগৰিছে সিমানেই শোচনীয় অৱস্থা হৈছে বিৰোধীৰ। বিহাৰত এইবাৰ বাৰুকৈয়ে মুখ থেকেচা খাইছে বিৰোধী মিত্ৰজোঁটে। ভোটগণনাৰ প্ৰতিটো মিনিটতে হ্ৰাস পাইছে  বিৰোধী অগ্ৰগতি লাভ কৰি থকা আসনৰ

author-image
Asomiya Pratidin
New Update
1e975f63-edda-4cd4-8b63-e9181ece9d38

ডিজিটেল ডেস্কঃ সময় যিমানেই বাগৰিছে সিমানেই শোচনীয় অৱস্থা হৈছে বিৰোধীৰ। বিহাৰত এইবাৰ বাৰুকৈয়ে মুখ থেকেচা খাইছে বিৰোধী মিত্ৰজোঁটে। ভোটগণনাৰ প্ৰতিটো মিনিটতে হ্ৰাস পাইছে  বিৰোধী অগ্ৰগতি লাভ কৰি থকা আসনৰ সংখ্যা।

বিয়লি ভাগলৈকে এন ডি এ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ২০৮খন আসনত।  ইয়াৰ বিপৰীতে বিৰোধী মিত্ৰঁজোটে অগ্ৰগতি লাভ কৰি থকা আসনৰ সংখ্যা মাত্ৰ ২৮খনলৈ হ্ৰাস পাইছে। অন্যান্য নিদৰ্লীয় প্ৰাৰ্থী ৭খন আসনত অগ্ৰগতি লাভ কৰি আছে।

বিহাৰৰ এইবাৰৰ নিৰ্বাচনত সৰ্বাধিক আসনত আগবাঢ়ি আছে বিজেপি। বিজেপিয়ে অকলেই ৯৫খন আসনত আগবাঢ়ি আছে। নীতিশ কুমাৰেও এইবাৰৰ নিৰ্বাচনত চমক দেখুৱাইছে। বৰ্তমানৰ লৈকে হোৱা ভোটগণনাত জে ডি ইউ আগবাঢ়ি আছে ৮৪খন আসনত।

আনফালে এইবাৰৰ নিৰ্বাচনত বেকফুটত পৰিছে কংগ্ৰেছ। মাত্ৰ ২খন আসনতহে অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ। ইয়াৰ বিপৰীতে ৰাজ্যৰখনৰ মুখ্য বিৰোধী দল লালু প্ৰসাদৰ আৰ জে ডি দল ২৪খন আসনত অগ্ৰগতি লাভ কৰিছে বিয়লি ৩.২৫বজালৈকে।

বিহাৰ