বিশেষ সশস্ত্ৰ আৰক্ষী বিধেয়ক-২০২১ঃ বিহাৰ বিধানসভাত উত্তপ্ত পৰিস্থিতি…

বিশেষ সশস্ত্ৰ আৰক্ষী বিধেয়ক-২০২১ঃ বিহাৰ বিধানসভাত উত্তপ্ত পৰিস্থিতি…

author-image
asomiyapratidin
New Update
বিশেষ সশস্ত্ৰ আৰক্ষী বিধেয়ক-২০২১ঃ বিহাৰ বিধানসভাত উত্তপ্ত পৰিস্থিতি…

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভাত মঙলবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। বিৰোধীয়ে বিহাৰ বিশেষ সশস্ত্ৰ আৰক্ষী বিধেয়ক ২০২১ক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এই ঘটনাত মহিলা বিধায়কসকলেও যোগ দিয়ে। মহিলা বিধায়কসকলে চিঞৰ-বাখৰ কৰি বিধানসভা অধ্যক্ষ গৰাকীক আঁতৰাই আসনখন ঘেৰাও কৰি ধৰে বুলি জানিব পৰা গৈছে।

Advertisment


— ANI (@ANI) March 23, 2021

বিৰোধী দলৰ বিধায়কসকলে ৰাজ্য চৰকাৰক হিটলাৰী শাসন বুলি কৈ শ্ল'গান দিয়া আৰম্ভ কৰে আৰু লগতে বিধানসভা অধ্যক্ষৰ আসনৰ কাষত থকা সকলো কাগজ ফালি পেলায়। বিৰোধী বিধায়কসকলে কয়-  ইয়াত যোগী মডেল নচলিব। আৰু লগতে তেওঁলোকে এই বিধেয়ক আতঁৰাবলৈ দাবী উত্থাপন কৰে।