বিহাৰত অন্ত পৰিল জেডি(ইউ)-বিজেপিৰ মধুচন্দ্ৰিকা ! ১৫ আগষ্টৰ পূৰ্বে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি…

বিহাৰত অন্ত পৰিল জেডি(ইউ)-বিজেপিৰ মধুচন্দ্ৰিকা ! ১৫ আগষ্টৰ পূৰ্বে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি…

author-image
asomiyapratidin
New Update
বিহাৰত পতন হ’ল এন ডি এৰ চৰকাৰ !

ডিজিটেল ডেস্কঃ হঠাৎ সলনি হৈছে বিহাৰৰ ৰাজনীতি। পতন হোৱাৰ দিশে বিজেপি আৰু জে ডি (ইউ)ৰ মিত্ৰযোঁটৰ চৰকাৰ ! পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ পূৰ্বেই বিহাৰৰ বৰ্তমানৰ চৰকাৰ ভংগ হোৱাৰ আশংকাই দেখা দিছে। বিহাৰৰ ৰাজনীতিত চলা এনে পট পৰিৱৰ্তনৰ মাজতে জে ডি (ইউ)ৱে তেওঁলোকৰ বিধায়কসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছে।

Advertisment

আনহাতে বিজেপিৰ পৰা নিজকে আঁতৰাই অনা জে ডি (ইউ)ৱে কংগ্ৰেছ আৰু আৰ জে ডিৰ কাষ চাপি আহিছে। ফলশ্ৰুতিত আৰে জি ডি আৰু কংগ্ৰেছেও তেওঁলোকৰ বৈঠক আহ্বান কৰিছে। কংগ্ৰছে তেওঁলোকৰ প্ৰতিজন বিধায়ককে পাটনালৈ আহিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

একে সময়তে আৰ জে ডিয়ে তেওঁলোকৰ বিধায়কসকলক বুধবাৰৰ পূৰ্বে পাটনাত উপস্থিত হ'বলৈ নিৰ্দেশনা জাৰি কৰিছে। চৰ্চা চলিছে বিজেপিৰ মিত্ৰযোঁট ভংগ কৰি জেডি(ইউ)ৱে কংগ্ৰেছ আৰু আৰ জে ডিৰ সমৰ্থনত নতুন চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ বিজেপিৰ কেইবাটাও সিদ্ধান্তত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নাৰাজ হৈ পৰিছে। তেওঁ দেওবাৰে অনুষ্ঠিত হোৱা নীতি আয়োগৰ বৈঠকলেও নগ'ল। ইয়াৰ পিছতে নীতিশ কুমাৰৰ জেডি(ইউ)ৱে তেওঁলোকৰ সকলো সাংসদ আৰু বিধায়কক মঙলবাৰে অনুষ্ঠিত কৰা এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ পাটনালৈ জৰুৰীভাৱে মাতি পঠিওৱা হৈছে।