/asomiyapratidin/media/media_files/2025/11/20/ujjss-2025-11-20-00-31-12.jpg)
ডিজিটেল ডেস্কঃ পাটনাৰ গান্ধী ময়দান পুনৰ সাক্ষী হ’ব নীতিশ কুমাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ। বৃহস্পতিবাৰে (২০ ছেপ্টেম্বৰ, ২০২৫) পুৱা ১১:৩০ বজাত শপতগ্ৰহণ কৰিব নীতিশ কুমাৰে । দশম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বহুকেইগৰাকী ভি আই পি উপস্থিত থাকিব।
যোৱা বুধবাৰে (১৯ নৱেম্বৰ, ২০২৫) এন ডি এৰ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে নীতিশ কুমাৰক নেতা নিৰ্বাচিত কৰা হয়। ইয়াৰ পিছতে ৰাজভৱনত উপস্থিত হৈ নীতিশ কুমাৰে ৰাজ্যপাল আৰিফ মহম্মদ খানৰ সৈতে সাক্ষাৎ কৰে। তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দাখিল কৰি নতুন চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ দিছে।
পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত নীতিশ কুমাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি জে পি নাড্ডা,কে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী।
ইতিমধ্যে বুধবাৰে নিশাই পাটনাত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ। আনফালে বৃহস্পতিবাৰে (২০ নৱেম্বৰ, ২০২৫) পুৱা প্ৰধানমন্ত্ৰী মোডী উপস্থিত হ'ব পাটনাত। এই বৃহৎ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ , দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ,চত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাই,গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল,অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু আই টি মন্ত্ৰী নৰা লোকেশ উপস্থিত থাকিব।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱীছ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান,কে ধৰি অন্যান্য মন্ত্ৰীসকলো উপস্থিত থাকিব। পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটাপ্ৰাপক, বিজ্ঞানী, সাহিত্যিক ব্যক্তিকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলেও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us