এই ৬টা ফেক্টৰে সলাই দিব পাৰে বিহাৰৰ ৰাজনীতি...

কোনে দখল কৰিব বিহাৰ! নিতীশৰ হাতৰ পৰা বিহাৰ কাঢ়ি আনিব পাৰিবনে বিৰোধী।  এইবাৰ কি প্ৰধান ইচ্ছ্যুক লৈ বিহাৰবাসীয়ে ভোট প্ৰদান কৰিব! ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে বিহাৰৰ ৬টা প্ৰধান ফেক্টৰ বাচি উলিয়াইছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
new bikhekh protibedon  1

কোনে দখল কৰিব বিহাৰ! নিতীশৰ হাতৰ পৰা বিহাৰ কাঢ়ি আনিব পাৰিবনে বিৰোধী।  এইবাৰ কি প্ৰধান ইচ্ছ্যুক লৈ বিহাৰবাসীয়ে ভোট প্ৰদান কৰিব! ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে বিহাৰৰ ৬টা প্ৰধান ফেক্টৰ বাচি উলিয়াইছে। প্ৰথম পৰ্যায়ত কি কি বিষয়ে ভোটাৰ ৰাইজৰ মাজত প্ৰভাৱ পেলাব ? কোনবোৰ সমস্যাই  যুৱ ভোটাৰৰ বাবে মূল্য বিষয় হ’ব ? কোন কেইখন আঁচনিয়ে  মহিলা ভোটাৰক আকৃষ্ট কৰিছে ? কোনবোৰ বিষয়ত বিশষেকৈ প্ৰধান্য দিব ভোটাৰে  ? সবিশেষ সামৰি বিশেষ প্ৰতিবেদন...  

১. নিবনুৱা সমস্যা:  ভাৰতৰ ভিতৰত আটাইতকৈ নিবনুৱাৰ সংখ্যা থকা ৰাজ্যখনৰ ভিতৰত বিহাৰ অন্যতম । এন ডি এয়ে চৰকাৰে পূৰ্বে বিহাৰৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিফল । এপাঁচি শাকত এটা জালুকৰ দৰে  । লাখ লাখ নিবনুৱা থকা ৰাজ্যখনত মাত্ৰ ৫ হাজাৰ নিযুক্তি বিগত নীতিশ কুমাৰৰ নেতৃতাধীন চৰকাৰৰ কাৰ্যকালত । কিন্তু নিৰ্বাচনী প্ৰচাৰ সভাসমূহত যদিও প্ৰতিটো দলে নিযুক্তিৰ প্ৰসংগ উল্লেখ কৰিছে তথাপিও ৰাইজে আস্থাত ল’ব পৰা নাই  ।

২. প্ৰশ্নকাকত ফাদিল :  বিহাৰ লোকসেৱা আয়োগৰ পৰীক্ষা, বিহাৰ শিক্ষক নিযুক্তি পৰীক্ষাৰ লগতে অন্যান পৰীক্ষাত হোৱা প্ৰশ্ন কাকত ফাদিল আৰু নিযুক্তিৰ কেলেংকাৰীয়ে বিহাৰত চৰ্চিত বিষয় হৈ পৰিছিল । কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ শিক্ষাৰ্থীয়ে আৰক্ষীৰ কোব খাবলগীয়া হৈছিল । 

৩. আঁচনি : বিহাৰত জাত-পাতৰ ৰাজনীতি আছে যদি মহিলা ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে । সেয়ে প্ৰতিটো ৰাজনৈতিক দলে মহিলা ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন আঁচনিৰ টোপ দি আহিছে । পিছে আঁচনিয়ে কাক ক্ষমতা দখলত সহায় কৰিব সেয়া হ’ব লক্ষণীয় ।

৪. বানপানীৰ সমস্যা: কুশী নদীক বিহাৰৰ চকুলো বুলি কোৱা হয় । সেই কুশী নদীৰ পানীয়ে বাৰিষা কালত ভয়ংকৰ ৰূপ লয় আৰু লাখ লাখ পৰিয়াল সমস্যাৰ সন্মুখীন হৈছে । সেয়া বিহাৰবাসীৰ বছৰ বছৰ ধৰি প্ৰশ্ন ‘বান নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা ল’ব ?

৫. উদ্যোগীক ব্যৱস্থা : লালু যাদৱৰ দিনতে বিহাৰত যি চৰকাৰী কাৰখানা  আছিল তাৰ পাছতে কোনো চৰকাৰী উদ্যোগী স্থাপন হোৱা নাই বিহাৰত । শেহতীয়াকে নীতিশ কুমাৰ চৰকাৰে উদ্যোগপতি গৌতম আদানীক বিহাৰত উদ্যোগ স্থাপনৰ বাবে অতি কম মূল্যত ভূমি প্ৰদান কৰাক লৈ ক্ষোভ আছে বিহাৰবাসীৰ । যি সময়ত চৰকাৰে উদ্যোগ স্থাপনৰ বাবে ভূমি নাই বুলি উল্লেখ কৰিছে সেই সময়ত পুঁজিপতিক উদ্যোগ স্থাপনৰ বাবে কৰ পৰা ভূমি দিলে বুলি প্ৰশ্ন কৰিছিল বিহাৰবাসীৰ । 

৬. এছ আই আৰ : বিহাৰবাসীৰ ক্ষোভ, নিৰ্বাচন আয়োগে ভোটাৰৰ ওপৰত অত্যাচাৰ চলাইছে । কাৰণ ভোটাৰ তালিকাৰ পৰা লাখ লাখ লোকৰ নাম কৰ্তন কৰি সমস্যাৰ সৃষ্টি কৰিছিল । ইয়াৰ সুবিধা বিৰোধীয়ে গ্ৰহণ কৰি কৈছিল, বিজেপি আৰু নিৰ্বাচন আয়োগ মিলি ভাৰতীয় নাগৰিক ওপৰত প্ৰশ্নবোধক চিহ্ণ ওলমাই ৰাখিলে । কিন্তু ন্যায়ালয়ৰ হস্তক্ষেপত এছ আই আৰ সমস্যা কিছু সমাধান হল যদিও ক্ষোভ আছে ভোটাৰ ৰাইজৰ মাজত ।

মূলত এইকেইটা সমস্যাই পাটনাৰ ক্ষমতা দখলৰ-মূল যুঁজ হ’ব ধাৰণা কৰিছে বিশ্লেষসকলে । পিছে সময়ে ক’ব কাৰ দখললৈ যাব পাটনা !

বিহাৰ