অতি ভক্তি চোৰৰ লক্ষণ! সৎ বিষয়া হিচাপে স্বীকৃতি পোৱা আবকাৰী অধীক্ষকৰ ঘৰত ওলাল কোটি কোটি টকা...

চাকৰি কালত সততা আৰু ন্যায়নিষ্ঠাৰ বাবে তিনিটাকে পদৰ লাভ কৰা বিহাৰৰ এজন আবকাৰী বিভাগৰ অধীক্ষকব বিৰুদ্ধে উত্থাপন হৈছে অবৈধ সম্পত্তি আহৰণৰ অভিযোগ। বাজ্যখনৰ ঔৰংগাবাদ জিলাৰ আবকাৰী অধীক্ষক

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ চাকৰি কালত সততা আৰু ন্যায়নিষ্ঠাৰ বাবে তিনিটাকে পদৰ লাভ কৰা বিহাৰৰ এজন আবকাৰী বিভাগৰ অধীক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে অবৈধ সম্পত্তি আহৰণৰ অভিযোগ। বাজ্যখনৰ ঔৰংগাবাদ জিলাৰ আবকাৰী অধীক্ষক অনিল কুমাৰ আজাদ মালিকানাধীন চাৰিটা স্থানত আৰক্ষীয়ে অভিযান চলাই ১২.৪৩ কোটি টকা মূল্যৰ স্থাৱৰ-অস্থাবৰ সম্পত্তি জব্দ কৰে। 

ক'লা ধনৰ উৎস বিচাৰি আবকাৰী অধীক্ষকজনৰ নামাত থকা তিনিটা বেংক লকাৰ, আ-অলংকাৰ আৰু বহু আপত্তিজনক নথি-পত্র লাভ কৰিছে। আনকি খুব কম সময়ৰ ভিতৰতে নতুন মাটি ক্রয় কৰাৰ কাগজো লাভ কৰিছে আৰক্ষীয়ে। আবকাৰী অধীক্ষকজনৰ পাটনা, জাহানাবাদ আৰু ঔৰংগাবাদকে ধবি চাৰিটা স্থানত উদ্ধাৰ হোৱা টকা গণিবলৈ আৰক্ষীয়ে মেচিন ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। 

কালিৰে পৰা  চলা এই অভিযানত অনিল কুমাৰৰ বহু বেআইনী সম্পত্তিৰ তথ্যও পোহৰলৈ আহিছে। কুৰিমাহ পূর্বে ঔৰংগাবাদত নিযুক্তি লাভ কৰা অনিল কুমাৰে দুমাহ পিচত অৱসৰ লোৱাৰ কথা আছিল। 

বিহাৰ