বিহাৰ নিৰ্বাচন : ৯ লক্ষাধিকে ভোটদান কৰিলে ন’টাত, পৰায়জ হৈও প্ৰথম স্থানত আৰ জে ডি...

বিহাৰ বিধানসভা নিৰ্বাচনৰ পাছতে বহু আমোদজনক তথ্য পোহৰলৈ আহিছে। এন ডি এয়ে ছুনামি সৃষ্টিৰে ৰাজ্যখনত চৰকাৰ গঠন কৰিলেও ভোটৰ শতকৰা হাৰত দেখা পোৱা গৈছে এই নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰিছে আৰ জে ডিয়ে। মুঠ ভোটৰ ২৩ শতাংশ ভোট লাভ কৰি শীৰ্ষত আছে ৰাষ্ট্ৰীয় জনতা দল।

author-image
Asomiya Pratidin
New Update
227

ডিজিটেল ডেস্ক : বিহাৰ বিধানসভা নিৰ্বাচনৰ পাছতে বহু আমোদজনক তথ্য পোহৰলৈ আহিছে। এন ডি এয়ে ছুনামি সৃষ্টিৰে ৰাজ্যখনত চৰকাৰ গঠন কৰিলেও ভোটৰ শতকৰা হাৰত দেখা পোৱা গৈছে এই নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰিছে আৰ জে ডিয়ে। মুঠ ভোটৰ ২৩ শতাংশ ভোট লাভ কৰি শীৰ্ষত আছে ৰাষ্ট্ৰীয় জনতা দল।

দলটোৱে লাভ কৰা মুঠ ভোটৰ সংখ্যা ১১, ৫৪৬, ০৫৫টা। দ্বিতীয় স্থানত আছে ভাৰতীয় জনতা পাৰ্টী। দলটোৱে লাভ কৰা মুঠ ভোটৰ শতকৰা হাৰ ২০.০৮ শতাংশ। সংখ্যাৰ হিচাপত বিজেপিয়ে শেহতীয়া বিহাৰ বিধানসভা নিৰ্বাচনত লাভ কৰিছে ১০,০৮১,১৪৩টা ভোট।

নিতীশ কুমাৰ নেতৃত্বাধীন জনতা দল ইউনাইটেড চমুকৈ জে ডি ইউৱে লাভ কৰিছে ১৯. ২৫ শতাংশ ভোট। দলটোৱে লাভ কৰা মুঠ ভোটৰ সংখ্যা ৯,৬৬৭,১১৮টা ভোট। কংগ্ৰেছে এই নিৰ্বাচনত ৬খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে। শতকৰা হাৰত দলটোৱে মুঠ ভোটৰ ৮.৭১ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয়। দলটোৱে লাভ কৰা ভোটৰ সংখ্যা ৪,৩৭৪,৫৭৯টা ভোট। 

লোক জন শক্তি পাৰ্টী(ৰাম বিলাস)ৰ দলে ২,৪৯৭,৫৩৮টা ভোট, চি পি আই(এম এল) (এল) দলে লাভ কৰিছে ১,৪২৫,৫৯২টা ভোট। অন্যান্য দলসমূহে লাভ কৰিছে ৭,০২৬,৮৭৬টা ভোট। ন’টাত ভোটদান সাৱ্যস্ত কৰা ভোটৰ সংখ্যা ৯১৯,৭৩০ টা ভোট। ১.৮১শতাংশ লোকে বিহাৰৰ শেহতীয়া নিৰ্বাচনত ভোটদান কৰিলে ন’টাত।

বিহাৰ