বিৰোধীৰ কি হ'ব? ২০২০তকৈ বিহাৰত আসন বাঢ়িব বিজেপিৰ!

পুৱাৰে পৰা অগ্ৰগতিলৈ চাই অভিলেখ সৃষ্টি কৰি বিহাৰত পুনৰ এন ডি এনৰ নেতৃত্বতেই চৰকাৰ গঠন হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপোষন কৰিছে। পুৱাৰে পৰা হোৱা টেণ্ডিঙলৈ চাই ৰাজনৈতিক বিশ্লেষকসকলে

author-image
Asomiya Pratidin
New Update
dddddddddddddddd

ডিজিটেল ডেস্কঃ  পুৱাৰে পৰা অগ্ৰগতিলৈ চাই অভিলেখ সৃষ্টি কৰি বিহাৰত পুনৰ এন ডি এনৰ নেতৃত্বতেই চৰকাৰ গঠন হ'ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপোষন কৰিছে। পুৱাৰে পৰা হোৱা টেণ্ডিঙলৈ চাই ৰাজনৈতিক বিশ্লেষকসকলে এইবাৰ বিহাৰত এন ডি এৰ আসনৰ সংখ্যা প্ৰায় ৪০খন বৃদ্ধি পাব বুলি আগজাননী প্ৰদান কৰিছে। 

উল্লেখ কৰা প্ৰয়োজন যে, পুৱা ৯.৩০বজালৈকে হোৱা ভোটগণনাত বিজেপি নেতৃত্বাধীন এন ডি এয়ে পূৰ্বতকৈ ৩৭আসনত আগবাঢ়ি আছ। আনহাতে অগগতিলৈ চাই বিৰোধী মিত্ৰজোঁটৰ আসনৰ সংখ্যা পূৰ্বতকৈ প্ৰায় ৩৪খন হ্ৰাস পাইছে।

২০২০ৰ নিৰ্বাচনত পুৱা ৯.৩০বজালৈকে এন ডি এ আগবাঢ়ি আছিল ১২২খন আসনত। কিন্তু এইবাৰ এন ডি এ আগবাঢ়ি আছে ১৫৬খন আসনত। 

২০২০ৰ নিৰ্বাচনত পুৱা ৯.৩০বজালৈকে বিৰোধী মহাজোঁট আগবাঢ়ি আছিল ১১৪খন আসনত। কিন্তু এইবাৰ তেওঁলোক আগবাঢ়ি আছে মাত্ৰ ৮৬খন আসনত।

এইসমূহ পৰিসংখ্যালৈ চাই বিহাৰত এইবাৰ বিৰোধী মহাজোঁটৰ আসনৰ সংখ্যা হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। 

বিহাৰ বিহাৰ চৰকাৰ