/asomiyapratidin/media/media_files/2025/10/12/new-ap-web-3-2025-10-12-14-09-56.jpg)
ডিজিটেল ডেস্কঃ বিহাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। পিছে, বেয়া সময়ে লগ এৰা নাই লালু প্ৰসাদ যাদৱক।বিহাৰ নিৰ্বাচনৰ পূৰ্বে আকৌ এবাৰ লালু প্ৰসাদ যাদৱৰ আৰজেডি দলত মোক্ষম আঘাত। এইবাৰ দল এৰিলে আৰজেডিৰ আন দুজন বিধায়কে। নৱাদাৰ বিধায়ক বিভা দেৱী আৰু ৰজাউলীৰ বিধায়ক প্ৰকাশ বীৰে আৰজেডিৰ পৰা পদত্যাগ কৰিছে। ইতিমধ্যে বিধানসভাৰ অধ্যক্ষ নন্দ কিশোৰ যাদৱক পদত্যাগ দাখিল কৰিছে এই দুই বিধায়কে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আৰজেডিৰ বিধায়ক সংগীতা কুমাৰী, ভাৰত বিন্দ, আৰু চেতন আনন্দে দল ত্যাগ কৰিছিল। লোকসভা নিৰ্বাচনৰ পিছৰে পৰা আৰজেডিৰ শীৰ্ষ নেতৃত্বক লৈ তেওঁলোক অসন্তুষ্ট হৈ পৰিছিল। কিছুদিন পূৰ্বে গয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুষ্ঠানত তেওঁলোকৰ উপস্থিতিয়ে ৰাজনৈতিক উত্তেজনাক আৰু অধিক ইন্ধন যোগাইছিল৷
ইফালে, পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত বিধায়ক প্ৰকাশ বীৰে উল্লেখ কৰে যে, "মই মোৰ বিধায়ক পদৰ পৰা পদত্যাগ কৰিছো। তেজস্বী যাদৱে এবাৰ নৱাড়া ভ্ৰমণ কৰিছিল, কিন্তু তেওঁ আমাক নিমন্ত্ৰণ কৰা নাছিল, গতিকে আমি যোৱা নাছিলো। ভিৰৰ মাজৰ কোনোবাই চিঞৰিছিল, 'তেজস্বী ভাইয়া, প্ৰকাশ বীৰক আঁতৰাই দিয়ক'।" এইটোৱে মোৰ আত্মসন্মানত আঘাত হানিলে এতিয়া, আৰজেডিলৈ ঘূৰি অহাৰ কোনো প্ৰশ্নই নাহে।"
আনহাতে, বিভা দেৱী প্ৰাক্তন মন্ত্ৰী তথা তিনিবাৰৰ বিধায়ক তথা প্ৰাক্তন শ্ৰম ৰাজ্যিক মন্ত্ৰী ৰাজবল্লভ যাদৱৰ পত্নী। ২০২০ চনত আৰজেডিৰ টিকটত নৱাদাৰ আসন লাভ কৰিছিল। কিন্তু ২০২৫ চনৰ লোকসভা নিৰ্বাচনত শ্ৰৱণ কুশৱাহাক টিকট দিয়াৰ সিদ্ধান্তত তেওঁ আৰু তেওঁৰ সমৰ্থকসকল অসন্তুষ্ট হৈ পৰিছিল। অভিযোগ অনুসৰি, দুয়োজনে আৰজেডিৰ প্ৰাৰ্থীক সমৰ্থন নকৰাৰ ফলত দলৰ নেতৃত্ব বিশেষকৈ তেজস্বী যাদৱক ক্ষুব্ধ কৰি তুলিছিল। বিহাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত দুই নেতাৰ দলত্যাগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।