/asomiyapratidin/media/media_files/2025/11/14/prashant-kishor-2025-11-14-15-43-26.jpg)
ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন নিৰ্বাচনত তেওঁৰ ভুমিকা যথেষ্ট সবল আছিল। নিৰ্বাচনৰ ৰেহ- ৰূপ পৰিদৰ্শন কৰিয়েই কৈ দিব পাৰিছিল চৰকাৰ কোনে গঠন কৰিব।
দেশৰে বিজ্ঞ বিজ্ঞ ৰাজনীতিকে তেওঁৰ কথাত পতিয়ন গৈছিল। নৰেন্দ্ৰ মোডী- ৰাহুল গান্ধী আদিৰ দৰে নেতাই তেওঁক সমীহ কৰিছিল। এটা সময়ত কি বিজেপি, কি কংগ্ৰেছ সকলো ৰাজনৈতিক দলে তেওঁৰ কথা মতে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছিল।
কিন্তু আজি তেওঁ সক্ৰিয় ৰাজনীতিৰ পথাৰত ভৰি দি আলৈআথানি হোৱাৰ বাদে আন একো হোৱা নাই। বিহাৰ বিধানসভা নিৰ্বাচনত নিজে দল খুলি চৰকাৰ গঠনৰ দেখা সপোন কলিতে মৰহি যোৱাৰ উপক্ৰম হৈছে।
মুখথেকেচা খাইছে এই নিৰ্বাচনৰ চলি থকা ভোটগণনাত। তেওঁ হৈছে ৰাজনীতিৰ ভৱিষ্যতদ্ৰষ্টা তথা অসমৰ জোঁৱাই প্ৰশান্ত কিশোৰ। প্ৰশান্ত কিশোৰে এইবাৰ বিহাৰ নিৰ্বাচনত জন সূৰুষ পাৰ্টী নামেৰে দল খুলি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
ৰাজ্যখনৰ এই নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ দলটোৱে ২৩৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু লক্ষ্যণীয়ভাৱে ভোটগণনাৰ সময়ছোৱালৈকে এটা সমষ্টিতো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হোৱা নাই দলটোৱে।
উল্লেখযোগ্য যে, নিৰ্বাচনৰ আগেয়ে বুকুত ডাঠ কৰি প্ৰশান্ত কিশোৰে কৈছিল যে, আমি এইবাৰৰ নিৰ্বাচনত হয় ১০খনতকৈ কম আসন পাব নাইবা ১৫০ৰ অধিক আসন লাভ কৰিম। কাৰ্যতঃ তেওঁৰ এই কথা ফুটুকাৰ ফেনত পৰিণত হোৱাৰ বাদে আন একো হোৱা নাই।
একেসয়মতে নিৰ্বাচনৰ ভোগগ্ৰহণ পৰ্ব অন্ত পৰাৰ পাছতে কেইবাটাও সংবাদ প্ৰতিষ্ঠানে ৰাজহুৱা কৰা এগজিট প’লত জন সূৰুষ পাৰ্টীয়ে আশাব্যঞ্জক আসন লাভ কৰিব বুলি পূৰ্বানুমান কৰিছিল। কিন্তু এতিয়া এগজিট প‘লৰ এই অনুমানো বৃথা বুলি প্ৰমাণিত হোৱাৰ দিশে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিদেশত চাকৰিসূত্ৰে থাকোতেই গুৱাহাটীৰ জীয়ৰী জাহ্ণৱী দাসৰ সৈতে চিনাকি হৈছিল প্ৰশান্ত কিশোৰৰ। আফ্ৰিকাত প্ৰথম চিনাকি হোৱাৰ পাছত প্ৰশান্ত কিশোৰ অসমলৈ আহি জাহ্ণৱীৰ পৰিয়ালেৰে কথা পাতিছিল। তাৰ পাছৰ পৰ্যায়ত দুয়োৰে মাজত বিবাহ কাৰ্য সম্পন্ন হৈছিল।
অসমৰ ৰাজনীতিতো কিশোৰৰ বিশেষ ভূমিকা আছে। বিজেপি চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰশান্ত কিশোৰৰ ৰণনীতি আছিল অতিকৈ গুৰুত্বপূৰ্ণ। অসমৰ বিৰোধী দলৰ হৈ কাম কৰাৰ কথাও আছিল তেওঁৰ। দেশৰ প্ৰায় ৫খন ৰাজ্যত বিজেপি শাসনলৈ অহাত ৰণনীতি প্ৰদান কৰা প্ৰশান্ত কিশোৰৰ এই বিধ্বস্ত অৱস্থাই যথেষ্ট চৰ্চা লাভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us