/asomiyapratidin/media/media_files/2025/11/06/whatsapp-2025-11-06-07-37-50.jpeg)
ডিজিটেল ডেস্কঃ বিহাৰত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। দুপৰীয়া ১বজালৈকে বিহাৰত ভোটদান হাৰ হৈছে ৪২.৩১শতাংশ। নিৰ্বাচন আয়োগৰ তথ্য মতে, দুপৰীয়া ১বজালৈকে সৰ্বাধিক ভোটাধিকাৰ সাব্যস্ত হোৱা সমষ্টিটো হৈছে বেগুচৰাই। সমষ্টিটোত ৪৬.০২শতাংশ।
আনফালে বিহাৰৰ আন এটা বিশেষ সমষ্টি বক্সাৰ সমষ্টিত দুপৰীয়া ১বজালৈকে ভোটাধিকাৰ সাব্যস্ত হৈছে ৪১.১০শতাংশ। উল্লেখ্য যে, প্রথম পর্যায়ত ৩ কোটি ৭৫ লাখ ভোটদাতাই ১৩১৪ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ধাৰণ কৰিব। দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বিহাৰৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১১ নৱেম্বৰ, ২০২৫ত। ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ।
এই পর্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত পাটনা, দৰভংগা, মাধেপুৰা, ছহর্ষা, মুজাফ্ফৰপুৰ, গোপালগঞ্জ, ছিৱান, ছৰণ, বৈশালী, সমষ্টিপুৰ, বেগুচৰাই, লক্ষীচৰাই, মুংগেৰ, শ্বেইখপুৰা, নালন্দা, বক্সাৰ আৰু ভোজপুৰ আছে। ৰাজ্যখনত ১১ নৱেম্বৰত দ্বিতীয় তথা অন্তিম পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us