বিহাৰত ধূলিস্যাৎ বিৰোধী! মূৰে কপাঁলে হাত দিছে ৰাহুল-তেজস্বীয়ে...

বিহাৰত বিৰোধীৰ অৱস্থা তথৈবচ। নীতিশ কুমাৰ আৰু বিজেপিৰ শক্তিৰ আগত ধৰাশায়ী হৈ পৰিছে বিৰোধী শক্তি। হোৰাহোৰে বহু সমষ্টিত হ্ৰাস পাইছে বিৰোধীৰ অগ্ৰগতি। পুৱা ১১বজালৈকে এন ডি এ মিত্ৰজোঁটে অগ্ৰগতি

author-image
Asomiya Pratidin
New Update
daadad

ডিজিটেল ডেস্কঃ বিহাৰত বিৰোধীৰ অৱস্থা তথৈবচ। নীতিশ কুমাৰ আৰু বিজেপিৰ শক্তিৰ আগত ধৰাশায়ী হৈ পৰিছে বিৰোধী শক্তি। হোৰাহোৰে বহু সমষ্টিত হ্ৰাস পাইছে বিৰোধীৰ অগ্ৰগতি। পুৱা ১১বজালৈকে এন ডি এ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ১৯০খন আসন। ইয়াৰ বিপৰীতে মহাজোঁট বন্ধনে অগ্ৰগতি লাভ কৰিছে মাত্ৰ ৫০খন আসনত। যিমানে সময় আগবাঢ়িছে সিমানে তথৈবচ অৱস্থা হৈছে বিৰোধী শক্তিৰ। 

বিহাৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাত থাকিও অকলেই শক্তি প্ৰদৰ্শন কৰিছে নীতিশ কুমাৰে। বৰ্তমানলৈকে অকলেই জে ডি ইউ দলে ৮৪খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে বিজেপি আগবাঢ়ি আছে ৮০খন আসনত। অগ্ৰগতিৰ ক্ষেত্ৰত জে ডি ইউৰ পূৰ্বতকৈ প্ৰায় ৪১খন আসন বৃদ্ধি পাইছে। 

ইফালে সময়ৰ যিমানেই বাগৰিছে বিৰোধীৰ শক্তি কমি আহিছে। আসন অগ্ৰগতিৰ ক্ষেত্ৰত বিৰোধী পিছ পৰি আহিছে এন ডি এ মিত্ৰজোঁটৰ সন্মুখত। পুৱা ১১বজালৈকে মাত্ৰ ৪৮খন আসনত অগ্ৰগতি লাভ কৰি আছে বিৰোধী মহাজোঁটে। আৰ জে জিয়ে ৩৫খন আসন আৰু কংগ্ৰেছে মাত্ৰ ৫খন আসনত অগ্ৰগতি লাভ কৰি আছে। 

উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ মূল বিৰোধী দল লালু প্ৰসাদৰ যাদৱৰ আৰ জে ডি। এই দলটোৱে ২০২০ৰ তুলনাত ৪০খন আসনত পিছ পৰি আছে। কংগ্ৰেছেও পূৰ্বৰ তুলনাত প্ৰায় ১৯খন আসনত পিছ পৰি আছে দিনৰ ১১বজালৈকে। 

বিহাৰ বিহাৰ চৰকাৰ