বিহাৰত নীতিশ কুমাৰক একাষৰীয়া কৰাৰ শক্তি লাভ কৰিছে বিজেপিয়ে...

বিহাৰত চৰকাৰ গঠন কৰিবলৈ বিজেপিক প্ৰয়োজন নাই নীতিশ কুমাৰক। নিৰ্বাচনৰ শেহতীয়া আপডেটলৈ চালে নীতিশ কুমাৰৰ আৰ জে ডিক বাদ দিও অন্য দলৰ সৈতে মিলি বিহাৰত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ

author-image
Asomiya Pratidin
New Update
ujjjd

ডিজিটেল ডেস্কঃ বিহাৰত চৰকাৰ গঠন কৰিবলৈ বিজেপিক প্ৰয়োজন নাই নীতিশ কুমাৰক। নিৰ্বাচনৰ শেহতীয়া আপডেটলৈ চালে নীতিশ কুমাৰৰ আৰ জে ডিক বাদ দিও অন্য দলৰ সৈতে মিলি বিহাৰত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ পাৰ কৰিছে বিজেপিয়ে। 

শেহতীয়া তথ্য অনুসৰি, বিহাৰৰ ভোটগণনাত বিজেপিয়ে ৯১খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে আৰ জে ডিয়ে  ৭৯খন আসনত অগ্ৰগতি লাভ কৰি আছে। বৰ্তমানলৈকে এন ডি এ মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ২০১খন আসনত। ইয়াৰ পৰা যদি আৰ জে ডিৰ ৭৯খন বাদ দিয়া হয় তেন্তে হয় ১২২। এই সংখ্যাই হৈছে বিহাৰত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ।

ইতিমধ্যে এই চৰ্চা ৰাষ্ট্ৰীয় পৰ্যায়ত আৰম্ভ হৈছে। যদিহে কোনো কাৰনত মুখ্যমন্ত্ৰীৰ পদক লৈ নীতিশ কুমাৰ আৰু বিজেপিৰ মাজত সংঘাত হয়, তেন্তে বিজেপিয়ে বিহাৰত নীতিশক এৰিও চৰকাৰ গঠন কৰাৰ ক্ষমতা লাভৰ দিশে আগবাঢ়িছে। এই চৰ্চাক আৰু অধিক গতি দিছে আন এক কথাই।

এইবাৰৰ নিৰ্বাচনত বিৰোধীয়ে যদিও তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি ঘোষণা কৰিছিল, লক্ষ্যণীয়ভাৱে বিজেপিয়ে কিন্তু এইবাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেই হ'ব বুলি কোনো এখনত সভাত কোৱা নাছিল। গতিকে ইয়াৰ আঁৰতো কোনো অংক থাকিব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে বহুতে।

কিন্তু এটা কথা ঠিক যে, বিজেপিয়ে নীতিশ কুমাৰক বাদ দিব নোৱাৰে বিহাৰত। কিয়নো নীতিশ কুমাৰৰ দলৰ ১২গৰাকী সাংসদৰ সমৰ্থন লৈয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰি আছে বিজেপিয়ে। গতিকে এইক্ষেত্ৰত বিজেপিয়ে অন্য কোনো সিদ্ধান্ত নোলোৱাটোৱেই স্বাভাৱিক।

আন এটা দিশৰ পৰা চালেও বিজেপিয়ে নীতিশক একাষৰীয়া কৰাৰ অৱকাশ নাই। কিয়নো ২০২০তো বিজেপিয়ে অকলে ৭৪খন আসন লাভ কৰাৰ বিপৰীতে নীতিশ কুমাৰৰ দলে লাভ কৰিছিল মাত্ৰ ৪৩খন। ততস্বত্ত্বেও নীতিশকেই মুখ্যমন্ত্ৰী পাতিছিল বিজেপিয়ে। গতিকে এইবাৰ পূৰ্বৰ তুলনাত আৰ জে ডিৰো বৃদ্ধি পাব আসনৰ সংখ্যা। গতিকে এনেবোৰ দিশৰ পৰা নীতিশক গাদীচ্যুত কৰাৰ কোনো থল নাই। 

বিহাৰ